মহাকুম্ভৰ পদপিষ্ট হৈ অসমৰ ভক্তৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলাত মৌনী অমাৱস্যাৰ দিনা ‘অমৃত স্নান’ কৰিবলৈ গৈ পুৱতি নিশা পদপিষ্ট হৈ মৃত্যুক সাৱটিলে অসমৰ এগৰাকী ভক্তই। পদপিষ্ট হৈ মৃত্যুক সাৱটিলে হাইলাকান্দিৰ ৬৩বছৰীয়া ব্যৱসায়ী নীতিৰঞ্জন পাল। হাইলাকান্দিৰ ‘ওঁম ছুইটছ’ৰ স্বত্বাধিকাৰ নীতিৰঞ্জন পালে বুধবাৰে পুৱতিনিশা ত্রিবেণী সংগমত স্নান কৰিবলৈ যোৱাৰ সময়তে পদপিষ্ট হৈ প্রাণ হেৰুওৱাৰ বিপৰীতে তেওঁৰ পত্নী গায়ত্ৰী পাল গুৰুতৰভাৱে আহত হয়। সম্প্রতি গায়ত্ৰী পালৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে জানিবলৈ দিয়া মতে, নীতিৰঞ্জন পালৰ মৃতদেহ এলাহাবাদৰ পৰা শিলচৰলৈ বিমানযোগে অনা হ’ব। উল্লেখ্য যে নীতিৰঞ্জন পালে যোৱা সপ্তাহত পৰিয়ালৰ সৈতে প্রয়াগৰাজলৈ গৈছিল। প্রয়াগৰাজৰ মাধৱপুৰ অঞ্চলত আছিল পৰিয়ালটো। আহত গায়ত্রী পালে আৰক্ষীক জনোৱা অনুসৰি বৃহৎসংখ্যক ভক্তৰ সৈতে তেওঁলোকৰ পৰিয়ালটো সোনকালে ঘাটত উপস্থিত হোৱাৰ বাবে পুৱতিনিশা প্রায় ২.৩০ বজাত ৰাওনা হৈছিল আৰু তেতিয়াই পদপিষ্টৰ ঘটনা সংঘটিত হয়। নীতিৰঞ্জন পালক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসা গ্ৰহণ কৰি থকাৰ সময়তে তেওঁৰ মৃত্যু হয়।