মহাকুম্ভমেলাত পদপিষ্ট হৈ অতিকমেও ৩০জন ভক্তৰ মৃত্যু

মহাকুম্ভমেলাত পদপিষ্ট হৈ অতিকমেও ৩০জন ভক্তৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘মৌনী অমাবস্যা’ উপলক্ষে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ত্রিবেণী সংগমত অমৃত স্নানৰ বাবে অগণন ভক্তৰ ভিৰে এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে আৰু পৰিণতিত পদপিষ্টৰ দৰে শোকাৱহ দুর্ঘটনা সংঘটিত হয়। পদপিষ্টৰ এই শোকাৱহ ঘটনাত অতিকমেও ৩০জন অমৃত স্নান কৰিবলৈ হেতা ওপৰা লগোৱা ভক্তৰ প্রাণহানি ঘটাৰ লগতে আন ৬০জনৰো অধিক আহত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মঙলবাৰে মাজনিশা ১-২ বজাত ‘মৌনী অমাবস্যা’ত স্নান কৰিবলৈ হাজাৰ হাজাৰ লোক সমৱেত হয়। অমৃত স্নান কৰিবলৈ হেতা-ওপৰা লগাত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু ভিৰৰ হেঁচাত বেৰিকেড ভাঙি যায়। একেলগে ১০ হাজাৰ লোকে অমৃত স্নান কৰিবলৈ হেতা-ওপৰা লগোৱাত পদপিষ্ট হৈ অতিকমেও ৩০জন ভক্তৰ মৃত্যু ঘটাৰ লগতে আন ৬০জন আহত হৈছে।  ইয়াৰে ২৫জনক ইতিমধ্যে চিনাক্ত কৰি পৰিয়ালৰ হাতত গতাই দিয়া হৈছে। আহতসকলক চিকিৎসালয়ত ভর্তি কৰোৱাই চিকিৎসা প্রদান কৰি থকা হৈছে। ১৪৪ বছৰৰ পিছত বিৰল ত্রিবেণী যোগ উপলক্ষে মহাকুম্ভত ‘মৌনী অমাবস্যা’ৰ দ্বিতীয় অমৃত স্নান আছিল বুধবাৰে। এই লৈ মঙলবাৰে মাজনিশাৰে পৰা স্নানৰ উদ্দেশ্যে হাজাৰ হাজাৰ লোক সমৱেত হোৱাত ১১ৰ পৰা ১৭ নম্বৰৰ খুঁটিৰ মাজত থকা বেৰিকেড ভাঙি পৰে আৰু এই শোকাৱহ দুর্ঘটনাটো ঘটে। এই পদপিষ্টৰ ঘটনাত ঘটনাস্থলীৰ পৰা উদ্ধাৰকাৰী দলে ৩০টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে কেইবাজনো আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই ঘটনাটোৰ পাছতে ভক্তৰ মাজত হুৱাদুৱা লাগে আৰু যিয়ে যেনেকৈ পাৰে পলাবলৈ চেষ্টা কৰে। ফলত কেইবাজনো ভক্ত আহত হয়। এই শোকাৱহ ঘটনাটোৰ পাছতে ত্রিবেণী সংগমত অমৃত স্নান বাতিল কৰা হৈছে। কর্তৃপক্ষই মাইকযোগে ত্রিবেণী সংগমলৈ ভক্তক যাবলৈ বাধা দিয়ে আৰু গংগাৰ ঘাটসমূহতে অমৃত স্নান কৰিবলৈ আহ্বান জনায়। নিৰাপত্তা বাহিনীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা বুলি প্রকাশ কৰিছে মুখ্যমন্ত্রী যোগী আদিত্যনাথে। মুখ্যমন্ত্ৰীগৰাকী যোগী আদিত্যনাথে প্ৰকাশ কৰা মতে, বেৰিকেডৰ পৰা জঁপিওৱাৰ ফলতে কেইবাজনো লোক আহত হৈছে। এই শোকাবহ ঘটনা সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্ৰীগৰাকীক টেলিফোনযোগে বিতং তথ্য সংগ্ৰহ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নির্দেশ দিয়ে। কেন্দ্ৰই চৰকাৰক সকলো প্ৰকাৰে সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পদপিষ্টৰ ঘটনাত প্ৰাণ হেৰুওৱা ভক্তৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইপিনে মহাকুম্ভমেলাত ভক্তৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আকাশমাৰ্গেৰে হেলিকপ্টাৰেৰে নিৰীক্ষণ চলাই আছে। ইয়াৰ উপৰি ভক্তৰ সুৰক্ষাৰ বাবে এনএছজি আৰু অর্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। মহাকুম্ভমেলাত পদপিষ্ট হৈ প্রাণহানি হোৱা ভক্তৰ প্ৰতিটো পৰিয়াললৈ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ২৫ লাখ টকা ক্ষতিপূৰণ হিচাপে ঘোষণা কৰিছে।