মহাকাশ-পর্যটন-বিজ্ঞান ডিজিটেল প্রযুক্তিক লৈ ফিলিপাইনছ-ভাৰতৰ মাজত বুজাবুজিৰ চুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনেণ্ড ৰেমুৱাল্ডেজ মার্কছ জুনিয়ৰে নতুন দিল্লীৰ হাইদৰাবাদ হাউছত এক দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ আৰু বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মৰ্ঘেৰিটাও এই বৈঠকত উপস্থিত থাকে। দ্বিপাক্ষিক বৈঠকখনত উভয় দেশেই দ্বিপাক্ষিক সম্পর্কক ‘কৌশলগত অংশীদাৰিত্ব ‘লৈ উন্নীত কৰাৰ লগতে এক বিস্তৃত কার্যপন্থাৰ জৰিয়তে ইয়াক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্রত সহমত পোষণ কৰে। এই বৈঠকত প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি মার্কছৰ উপস্থিতিত মহাকাশ, পর্যটন, সংস্কৃতি, বিজ্ঞান আৰু প্রযুক্তি আৰু ডিজিটেল প্রযুক্তিৰ ক্ষেত্রত দুয়োখন দেশৰ মাজত একাধিক গুরুত্বপূর্ণ বুজাবুজিৰ চুক্তি (MoUs) আৰু টার্মছ অৱ ৰেফাৰেঞ্চ আদান-প্রদান কৰা হয়।