মহাকাশচাৰীয়ে শ্বেয়াৰ কৰে মহাকাশৰ পৰা সংগ্ৰহ কৰা স্পেনিছ আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ছবি
অনলাইন বাৰ্ত্তাসেৱা – আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত থকা ইউৰোপীয় মহাকাশ সংস্থাৰ মহাকাশচাৰী থমাছ পেস্কেটে স্পেইনৰ লা পালমা দ্বীপত বিস্ফোৰিত হোৱা আগ্নেয়গিৰিটোৰ এখন ফটো শ্বেয়াৰ কৰিছে। তেওঁ প্ৰকাশ কৰে, “চাৰিওফালৰ আটলাণ্টিক মহাসাগৰৰ ক’লাৰ বিপৰীতে উজ্জ্বল কমলা ৰঙৰ উজ্জ্বল পোহৰ তাতকৈও অধিক আকৰ্ষণীয়।” উল্লেখযোগ্য যে বিস্ফোৰণৰ ফলত অগ্নিনিৰ্বাপক বাহিনী পিছুৱাই যাবলৈ বাধ্য হৈছিল আৰু কৰ্তৃপক্ষই শুক্ৰবাৰে আৰু তিনিখন চহৰ খালি কৰিবলৈ বাধ্য হৈছিল।