মস্কোত উপস্থিত বৈদেশিক মন্ত্রী এছ জয়শংকৰ

মস্কোত উপস্থিত বৈদেশিক মন্ত্রী এছ জয়শংকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ তেল ক্ৰয় কৰাক লৈ ভাৰতৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছত ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পর্ক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে ভাৰতে। বৈদেশিক মন্ত্রী এছ জয়শংকৰে ৰাছিয়াৰ বৈদেশিক মন্ত্রী ছার্গে লেভৰবৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ সময়ত বৈদেশিক মন্ত্রী জয়শংকৰে বাণিজ্য বন্ধু ৰাছিয়াৰ সৈতে সম্পৰ্ক অধিক গাঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বাণিজ্যিক সম্পর্ক শক্তিশালী কৰাৰ ওপৰত প্রাধান্য দিয়ে বুলি আলোচনাত মত দিয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অধিক গভীৰ হৈ আহিছে বুলি উল্লেখ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে দেশখনৰ সৈতে বাণিজ্য আৰু অর্থনৈতিক বিষয়ক লৈ আলোচনাৰ মাজেৰে পূৰ্বতকৈ অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে।