মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰ মনোনয়ন পত্ৰ দাখিল

Pc Times of India

মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰ মনোনয়ন পত্ৰ দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া দলীয় সভাপতি নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰে মনোনয়ন দাখিল কৰাৰ বিপৰীতে দিগ্বিজয় সিঙে এই দৌৰৰ পৰা বিৰত থাকে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সিঙে কয়, ‘খৰ্গে আমাৰ জ্যেষ্ঠ নেতা আৰু মই তেওঁক কৈছো যে মই আপোনাৰ প্ৰস্তাৱক হ’ম । মোৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ আৰু নেহৰু-গান্ধী পৰিয়ালৰ প্ৰতি সদায় অটুত থাকিব।’আন এজন কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে কয়, “মই খাৰ্গেজীৰ বাবেহে কাগজত স্বাক্ষৰ কৰিবলৈ ওলাইছো।” ৰাজ্যসভাৰ বিৰোধী নেতা খৰ্গেয়ে অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰি মনোনয়ন দাখিল কৰে।উল্লেখযোগ্য যে শুকুৰবাৰে এই পদটোৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ শেষ দিন।ইয়াৰ পূৰ্বে দিগ্বিজয় সিঙে খৰ্গেৰ বাসগৃহত সাক্ষাৎ কৰে। খৰ্গে এই শীৰ্ষ পদৰ বাবে গান্ধীৰ শীৰ্ষ পছন্দ হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত সিঙে এই দৌৰৰ পৰা আঁতৰি যায়।বৃহস্পতিবাৰে গভীৰ নিশা মণিষ তেৱাৰী, ভূপিন্দৰ সিং হুডা, পৃথ্বীৰাজ চাৱনকে ধৰি জি-২৩ৰ নেতাসকলে আনন্দ শৰ্মাৰ বাসগৃহত বৈঠকত মিলিত হয় যদিও বৈঠকৰ সবিশেষ প্ৰকাশ নকৰিলে।জি-২৩ৰ অন্যতম মনীষ তেৱাৰীয়ে আজি পুৱা কয় যে দলটোক শক্তিশালী কৰাৰ সময় আহি পৰিছে আৰু ৰাজস্থানত শেহতীয়াকৈ সংঘটিত হোৱা পৰিঘটনাক ‘দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰে।