মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰৰ অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে যুৱ মৰ্চাৰ প্ৰতিবাদ

মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰৰ অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে যুৱ মৰ্চাৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ঙ্ক খৰ্গেৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চাই আজি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সামাজিক মাধ্যম এক্সৰ জড়িয়তে অসমৰ জাগীৰোডত স্থাপিত হোৱা চেমিকন্দাক্টৰ প্ৰকল্পৰ বিৰোধিতাৰে অসম আৰু অসমীয়াক ভেঙুচালি কৰি টুইট কৰে মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াঙ্ক খৰ্গেই। খোদ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰই এইদৰে অসমৰ বিৰোধিতা কৰা কংগ্ৰেছ যে পুৰ্বৰ পৰাই অসম বিৰোধী আছিল সেয়া প্ৰতিপন্ন কৰিলে ৷আজি ভাৰতীয় জনতা যুৱ মৰ্চা, গুৱাহাটী মহানগৰ জিলাৰ পাঁচ শতাধিক কাৰ্যকৰ্তাই হাতে হাতে প্লে-কাৰ্ড লৈ কংগ্ৰেছ বিৰোধী শ্লগানেৰে গুৱাহাটী জিএছ ৰোডৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যালয়ৰ সন্মুখভাগ কপাই তোলে । প্ৰতিবাদস্থলীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস উপস্থিত হৈ কয় যে, কংগ্ৰেছ দলটোৱে অতীজৰ পৰাই অসম তথা খিলঞ্জীয়া-অসমীয়াৰ বিৰোধী স্থিতি লৈ আহিছে । কংগ্ৰেছৰ শাসনকালত অসমত উন্নয়নৰ পৰিবৰ্তে অৰাজকতা আৰু গোষ্ঠী সংঘৰ্ষই গা কৰি উঠিছিল। ৰাইজৰ ধন উদৰস্ত কৰাতেই শাসন সমাপ্ত কৰা কংগ্ৰেছ দলটোৱে বিজেপি শাসনাধিন কালৰ অসমৰ অভূতপূৰ্ব উন্নয়নৰ বিৰোধিতা কৰাটোৱেই স্বাভাৱিক। ইয়াৰোপৰি দাসে উল্লেখ কৰে যে, ইয়াৰ পুৰ্বেও ভাৰত চৰকাৰে সূধাকন্ঠ ডঃ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ সময়ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই বিতৰ্কিতমুলক মন্তব্য প্ৰদান কৰিছিল । অসম আৰু অসমীয়াৰ বিৰোধিতা কৰাটো কংগ্ৰেছৰ নীতি । এই নীতি ৬২ৰ চীনে ভাৰত আক্ৰমণ কৰাৰ সময়ৰ পৰা বৰ্তমানলৈকে কংগ্ৰেছ পৰিচালিত হৈ আহিছে। সেয়ে, অসম আৰু অসমীয়াৰ স্বাৰ্থত কংগ্ৰেছক প্ৰতিহত কৰিব লাগিব বুলি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ব্যক্ত কৰে৷