মল্লযোদ্ধা সুশীল কুমাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

মল্লযোদ্ধা সুশীল কুমাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ে মল্লযুঁজাৰু সুশীল কুমাৰৰ জামিন নাকচ কৰিছে। অলিম্পিকৰ পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ বিৰুদ্ধে ২০২১ চনত দিল্লীৰ সত্ৰশাল ষ্টেডিয়ামত প্রাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন সাগৰ ধনখড়ক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ে যোৱা ৪ মার্চত সুশীলক জামিনত মুকলি কৰি দিছিল যদিও বুধবাৰে আদালতে সেই জামিন নাকচ কৰে। এসপ্তাহৰ ভিতৰত সুশীল কুমাৰক আত্মসমর্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে প্রাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন গৰাকীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সুশীল কুমাৰে প্ৰায় চাৰে তিনি বছৰ কাৰাবাস খাটে আৰু যোৱা মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক ৫০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন প্রদান কৰিছিল।