মল্লযুঁজাৰু ৰবি দহিয়াই পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কেজি ইভেণ্টৰ ফাইনেলত স্বৰ্ণ জয়
ৰঙিলী বাৰ্ত্তাসেৱা- কমনৱেলথ গেমছ ২০২২ত মল্লযুঁজাৰু ৰবি দহিয়াই পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কেজি ইভেণ্টৰ ফাইনেলত নাইজেৰিয়াৰ এবিকেৱেনিমো ৱেলছনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।ফাইনেলত নাইজেৰিয়াৰ এবিকেৱেনিমো ৱেলছনক ১০-০ৰ ব্যৱধানত পৰাস্ত কৰি কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰে ৰৱীয়ে।