মলয়া বতাহ  – ৰূপালী গগৈ চুতীয়া

মলয়া বতাহ 

ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়

অচিনাকি এজাক বতাহে
মনে মনে আহি মনৰ খবৰ ল’লে
নকওঁ ভাবিও কৈ দিলোঁ
অজানিতে ভুল কৰা যে
পুৰণি ৰোগ মোৰ
তাহানিৰ দিনৰে
চিপচিপীয়া বৰষুণে হে
বুজি পায়
তেওঁয়েই ধুই নিকা কৰে৷
যি কোনোদিনে ঘূৰি নাহে
অন্তৰে বাৰে বাৰে
বিচাৰি হাবাথুৰি খাই
এতিয়া পিছে সেই দুখ নাই,
সকলো নেওচি
সুখী হ’ব পাৰিছোঁ
য’ত বিচাৰিলে সুখবোৰ
থিতাতে পাই ।
নাই তাত অভিমান,অভিযোগ
মৰম আৰু ভালপোৱাৰে
এখনি পূৰ্ণাংগ ছবি
অংকন কৰি আছোঁ ।
শেষ হবলৈ আৰু অলপ হে বাকী
মলয়াৰ বতাহতে বিলীন
যাৰ মেঘালী ঢৌ তোলা চুলি
ঢৌ তোলা চুলি……!!