ময়ে প্ৰিয় ময়েই তোমাৰ সংগী – এছ ইছলাম

Pc Pixabay

ময়ে প্ৰিয় ময়েই তোমাৰ সংগী

এছ ইছলাম, বৰপেটা

ময়ে প্ৰিয় ময়েই তোমাৰ সংঙ্গী
ময়ে তোমাৰ আশাৰ
সপোনৰ মাধুৰী,
মোৰ মৰমেৰে সুখৰ সপোন গঁঠা
গছৰ ডালত পৰি থাকোঁ
হৃদয় জুৰি।
মোৰ প্ৰেমেৰে সজোৱা প্ৰতিটো পুৱা
আঁকিলা কত তোমাৰ
কল্পনাৰ সাগৰ,
ৰচিলা কত সোণালী সপোন
বতাহত সুৰটি মিলাই
জীৱনৰ ঢৌ তুলি ।
বননিৰ সুৰ তুলি প্ৰাণ উজ্বলে
তোমাৰ পুৱতি নিশাই
আনন্দত সুখৰ নপৰে ওৰ
দিবা তুমি মলৈ হৃদয় ভৰা মৰম
অশ্ৰুভৰা নয়নেৰে ভৰি পৰে
হিয়া তোমাৰ ।
বিচাৰোঁ যদি কল্পনাৰ সপোন
সপোনৰ মায়াৱী ময়ে তোমাৰ প্ৰিয়
গাই যোৱা উলাহতে
হিয়া দিয়া নিয়া
দুখনি হিয়াৰ একোটি সুৰতে
মিলনৰ গান ।