মমতা বেনাৰ্জীৰ ৰাজনৈতিক অভিসন্ধিৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্রী ড°  শর্মা 

মমতা বেনাৰ্জীৰ ৰাজনৈতিক অভিসন্ধিৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্রী ড°  শর্মা 

আমি সীমান্তৰ সিপাৰৰ মুছলমানৰ অনুপ্ৰৱেশ প্রতিহত কৰিছোঁঃমুখ্যমন্ত্রী 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত বেদখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চলোৱা উচ্ছেদক লৈ ৰাজনীতি কৰিব বিচাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাজীয়ে। অসমত ভাষিকবিদ্বেষ আনিবলৈ চেষ্টা চলাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে লিখিছে,দেশৰ দ্বিতীয় আটাইতকৈ বেছি কথিত বাংলা ভাষা। অসমৰো দ্বিতীয় আটাইতকৈ বেছি কথিত ভাষা বাংলা। সকলো ভাষা আৰু ধর্মক শান্তিপূর্ণভাবে সন্মান জনাই সহাৱস্থান কৰি নিজৰ মাতৃভাষাক ৰক্ষা কৰিব বিচৰা নাগৰিকসকলক ভাবুকি দিয়াটো বৈষম্যমূলক আৰু অসাংবিধানিক। অসমত বিজেপিয়ে এই বিভাজনকাৰী এজেণ্ডাৰ সকলো সীমা অতিক্ৰম কৰিছে আৰু অসমৰ লোকসকলে ইয়াৰ বিৰুদ্ধে যুঁজ দিব। মই ভাষা আৰু পৰিচয়ৰ মৰ্যাদাৰ বাবে আৰু নিজৰ গণতান্ত্রিক অধিকাৰৰ বাবে যুঁজি থকা প্ৰতিজন নির্ভীক নাগৰিকৰ সৈতে আছোঁ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ এনে অভিযোগৰ পাছতে সামাজিক মাধ্যমযোগে মমতা বেনাৰ্জীৰ এনে ৰাজনৈতিক অভিসন্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্রী ড° শর্মাই  প্রত্যুত্তৰত কয়, বাইদেউ, মই আপোনাক সোঁৱৰাই দিওঁ। অসমত আমি নিজৰ মানুহৰ লগত যুঁজি থকা নাই। আমি নির্ভয়ে সীমান্তৰ সিপাৰৰ পৰা চলি থকা, নিয়ন্ত্রণহীন মুছলমান অনুপ্ৰৱেশক প্রতিহত কৰিছোঁ, যিয়ে ইতিমধ্যে জনগাঁথনিৰ ক্ষেত্ৰত এক আতংকজনক পৰিৱৰ্তন সৃষ্টি কৰিছে। কেইবাখনো জিলাত হিন্দুসকল এতিয়া নিজৰ মাটিত সংখ্যালঘু হৈ পৰাৰ উপক্ৰম হৈছে। এয়া কোনো ৰাজনৈতিক ইছ্যু নহয়, এয়া বাস্তব সত্য। আনকি দেশৰ উচ্চতম ন্যায়ালয়েও এনে অনুপ্ৰৱেশক বাহিৰৰ আগ্রাসন বুলি অভিহিত কৰিছে। ইয়াৰ পিছতো যদি আমি আমাৰ মাটি, সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ, আমাৰ অস্তিত্ব। ৰক্ষাৰ চেষ্টাক ৰাজনীতিকৰণ নকৰিব আপুনি। মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে মমতা বেনার্জীক উভতি ধৰি কয়- আমি ধর্ম আৰু ভাষাক লৈ মানুহৰ মাজত বিভাজন অনা নাই। অসমীয়া, বাংলা, বড়ো, হিন্দী ইয়াত সকলো ভাষা আৰু সম্প্রদায়ে সহাৱস্থান লৈছে। কিন্তু কোনো সভ্যতাই নিজৰ সীমা আৰু সাংস্কৃতিক ভেটি ৰক্ষা কৰিবলৈ অস্বীকাৰ কৰি জীয়াই থাকিব নোৱাৰে। আমি আমাৰ পৰিচয় ৰক্ষাৰ বাবে নির্ণায়কভাৱে কাম কৰি থকাৰ সময়তে আপুনি ভৱিষ্যতৰ লগত আপোচ কৰিছে। এটা বিশেষ সম্প্ৰদায়ৰ অবৈধ বেদখলক উৎসাহিত কৰি, ভোটবেংকৰ বাবে এটা ধর্মীয় সম্প্রদায়ক সন্তুষ্ট কৰি আৰু সীমান্তৰ অনুপ্ৰৱেশে জাতীয় অখণ্ডতাৰ প্ৰতি ভাবুকি অনাৰ পাছতো মৌন হৈ আছে। এই সকলোবোৰ কেৱল ক্ষমতাত থাকিবলৈহে আপুনি কৰিছে। অসমে নিজৰ ঐতিহ্য, মর্যাদা আৰু জনসাধাৰণৰ ৰক্ষাৰ বাবে সাহস আৰু সাংবিধানিক স্পষ্টতাৰে যুঁজি যাব।