ম’বাইল মেনিয়া
বিজুলতা পায়েং,গোগামুখ
- “মই ঘৰলৈ যাওঁ দাদা..”
- “কিয়?”
- “নহয় ম’বাইলটো মেকানিকৰ হতুৱাই বনাই লৈ আনোগে |”
- “শুনা ৰন্টু এতিয়া সন্ধিয়া হ’বৰ হ’ল |তোমাৰ ঘৰ পাওঁতে পাওঁতে দেৰি হৈ যাব |”
- “নাই দেৰি নহয় | এইকাৰণে আপোনাৰ মটৰ চাইকেলখন লৈ যাম বুলি কৈছিলো |”
- “তোমাৰ গাড়ী চলোৱা লাইচেন্স আছেনে ?”
- “নাই দাদা…”
- “তেন্তে মই কেনেকৈ দিম তোমাক মটৰচাইকেলখন !
- হ’ব তেন্তে ,মই এতিয়া যাওঁগে |”
- “ৰন্টু তুমি কিয় বুজি নোপোৱা |তোমাক কৈ কৈ মোৰ নিজৰে মন মগজু কাম নকৰা হৈছেগৈ |কাৰোবাক ফোন কৰিব লগা আছে যদি মোৰ ম’বাইলৰ পৰা কৰা “
- “নালাগে,মই ঘৰলৈ গৈ নিজৰ ম’বাইলটো বনাই আনোগে |”
- “কিয় বুজিব চেষ্টা নকৰা !মই কালিলৈ বনাই আনি দিম বুলি কৈছো নহয় !”
- “নালাগে | মই সইবোৰ একো বুজি নাপাওঁ মই ঘৰলৈ যাওঁ |”
- “যদি গাড়ী নোপোৱা কি কৰিবা ?”
- “কিয় নাপাব, পাম |মই ওলালো দাদা |”
- “ৰন্টুৰ উদ্ভণ্ডালি দেখি নৰেনে খঙতে কৈয়ে দিলে তই আৰু নাহিবিগে কামৰ বাবে |একেবাৰে যাগে যা |”
- “হ’ব দাদা |”
- “অ’ নৰেন ৰন্টু ক’লৈ ওলাল ?”
- “নক’ব বাইদেউ |এনেকুৱা ল’ৰাক বুজাব নোৱাৰি |চাওকচোন তাৰ মাক দেউতাকৰ কথা ৰাখি তাক কামত ৰাখিলো সি আকৌ ম’বাইলৰ ডিচপ্লে বেয়া হ’ল বুলি পগলাৰ দৰে হৈছে |কি যে হ’ব ভাবিয়েই নাপাওঁ |”
- “একো নাই দে |এই বয়সত এনেকুৱা হয়েই নৰেন |ৰন্টুৰ বয়স ওঠৰ-উন্নৈশ বছৰ হৈছেহে চাগে ন!”
- “হ’লেও বাইদেউ তাৰ নিচিনা ল’ৰা মই দেখা নাই |দিনটো কামত মন নবহি খালি ম’বাইলত কথা পাতি থাকে |”
- “কাৰ লগত সি কথা পাতেনো ?”
- “কি কম বাইদেউ , আজিকালি জানে নহয় ল’ৰাবোৰে ম’বাইলত পাঁচজনী ছয়জনীৰ লগত চেনি খোৱা স্বভাৱটো !”
- “কি কয় ?”
- “সঁচা বাইদেউ |আজি ৰাতিপুৱা চাৰিবজাতে কোনোবা তাৰ গাৰ্ল ফ্ৰেইণ্ডৰ ফোন আহিছিল ?মই চখ খাই গ’লো ম’বাইলতো মোৰ গাৰোৰ তলতে বাইভ্ৰেচনত বাজি উঠাত খঙৰ খুবত মই ম’বাইলতো দলিয়াই দিলো |তেতিয়া তাৰ ম’বাইলৰ ডিচপ্লেটো বেয়া হৈ থাকিল |এইকাৰণে শুই উঠিয়ে ম’বাইলত কথা পাতিব পোৱা নাই বুলি এনেখন ভাওনা কৰি আছে |”
- “কি যে হ’ব |আজিকালি সঁচাকৈ ম’বাইলে ল’ৰা-ছোৱালীৰ মগজুবোৰ শেষ কৰি দিছে |মাক দেউতাককো চিন্তিত কৰি তুলিছে |উঠি অহা বিশেষকৈ এই চামৰ ল’ৰা-ছোৱালীবোৰক বিনষ্ট কৰি তুলিছে |পঢ়া-শুনাৰ প্ৰতি ধাউতি নাই কেৱল ম’বাইলত কিনো পায় খালি সময় অপব্যয় কৰা |”