ম’বাইল ফোনো হ’ব পাৰে জ্ঞানবৃক্ষৰ ফল
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
বেছিভাগ বয়োজ্যেষ্ঠ ব্যাক্তিৰ মুখত প্ৰায় এটি অভিযোগ শুনা যায় যে, ম’বাইল ফোন (ভ্ৰাম্যভাষ যন্ত্ৰ) ব্যৱহাৰ কৰাৰ ফলত ল’ৰা -ছোৱালীবোৰ উচ্ছন্নে গ’ল।কথাটো সম্পূৰ্ণ শুদ্ধনে ? এই কথা সঁচা যে, দিনটোৰ বেছিভাগ সময় ল’ৰা- ছোৱালীবোৰে এনড্ৰইড ম’বাইল ফোনৰ লগত যুক্ত হৈ থাকে, বহুৰাতিলৈকে ম’বাইল ফোন টিপি টিপি ৰাতিপুৱা দেৰীকৈ শুই উঠে। পঢ়া-শুনাৰ প্ৰতি মনোনিবেশ কম, খোৱা-বোৱাৰ প্ৰতি উদাসীন। বেছিভাগ ল’ৰা-ছোৱালীয়েই ম’বাইল ফোনৰ গেমত খুবেই আসক্ত, কিছুমানে আকৌ ফেচবুক, ইউটিউব আৰু ভিডিও বনাই ইমানেই ব্যস্ত হৈ থাকে যে ,তেওঁলোকে সদায়েই এখন কল্পনাৰ জগতত ডুব গৈ থাকি শাৰীৰিক আৰু মানসিক ৰোগাক্ৰান্ত হৈ পৰিছে।তথাপি মই এশবাৰ কম, ম’বাইল ফোনো হ’ব পাৰে জ্ঞানবৃক্ষৰ ফল। কেৱল ম’বাইল ফোনক সুন্দৰ ভাবে ব্যৱহাৰ কৰাৰ বাবে সকলো কৌশল আয়ত্ব কৰা উচিত। ল’ৰা -ছোৱালীয়ে বিশেষকৈ ছাত্ৰ-ছাত্ৰীয়ে ম’বাইল ফোনৰ জৰিয়তে ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক বাতৰি কাকত/আলোচনী অধ্যয়ন কৰি গোটেই বিশ্বজুৰি চলি থকা ঘটনা-প্ৰৱাহৰ লগত চিনাকি হ’ব পাৰে। তাতে তেওঁলোকৰ দ্ৰুত গতিত জ্ঞান বৃদ্ধি হয় ; অথচ এক পইচাও খৰচ কৰিব লগা নহয় বা বাতৰি কাকত/ আলোচনীসমূহ সংগ্ৰহ কৰাৰ বাবে পুথিভঁৰাল বা কতো যাব লগা নহয়। এজন ছাত্ৰ বা ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ বা সহায়ক পুথি বা বিভিন্ন জ্ঞান-বিজ্ঞানৰ বিষয়ে গভীৰ ভাবে অধ্যয়ন কৰাৰ সকলো সা-সুবিধা ম’বাইল ফোনৰ লগত যুক্ত হৈ থকা গুগল ছাৰ্ছ কৰি লাভ কৰিব পাৰে। কেৱল সেয়ে নহয়, কোনোবাই বিচাৰিলেই খেল-ধেমালি, বিভিন্ন যোগ-সাধনা ,ছবি অঁকা, গৃহ নিৰ্মাণ,গাড়ী চলোৱা, সংগীত ,নাটক, নৃত্য শিকা , বিভিন্ন টেকনল’জিৰ প্ৰয়োগ ইত্যাদি সকলো ধৰণৰ প্ৰশিক্ষণ লৈ সুন্দৰ ভাৱে জীৱন পৰিচালনা কৰাৰ সকলো কৌশল লাভ কৰিব পাৰে। এই কথা চিৰসত্য যে, কবি-সাহিত্যিক, খেলুৱৈ, অৰ্থনীতিবিদ, ৰাজনৈতিক নেতা, বিজ্ঞানী আদি প্ৰায় সকলোৱেই ম’বাইলৰ ওপৰত প্ৰায় নিৰ্ভৰশীল হৈ জ্ঞান অৰ্জন কৰি নিজকে সম্পূৰ্ণ ৰূপে যোগ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।প্ৰকৃততে, বিজ্ঞানৰ সকলো আৱিষ্কাৰ অভিশাপ নহয়, আশীৰ্বাদহে। গতিকে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ উপকাৰ বেছি; অপকাৰ কম। কেৱল ম’বাইল ফোনৰ বেয়া দিশ গ্ৰহণ নকৰি ভাল দিশ গ্ৰহণ কৰা উচিত। ল’ৰা-ছোৱালীয়ে এনেকৈ ম’বাইল ফোন ব্যৱহাৰ কৰা উচিত,যাতে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন হয় আৰু ঘৰৰ পৰিয়ালৰ প্ৰত্যেকৰ লগত তেওঁলোকৰ আত্মিক সম্পৰ্ক অটুট থাকে, মধুৰ হয়। আচলতে, মা -দেউতাই ল’ৰা ছোৱালীৰ লগত অবিচ্ছিন্ন ভাবে সম্পৰ্ক ধৰি ৰাখি তেওঁলোকক ম’বাইল ফোনৰ সুন্দৰ সুন্দৰ দিশসমূহ ফঁহিয়াই দেখুৱাই তেওঁলোকৰ ধনাত্মক জ্ঞান বৃদ্ধি কৰাৰ বাবে সদায় আপ্ৰাণ চেষ্টা কৰা উচিত। বৰ্তমান এই ডিজিটেল যুগত ম’বাইল সেৱা আমাৰ প্ৰত্যেকৰ জীৱনৰ লগত অঙ্গাঙ্গীভাবে জড়িত হৈ পৰিছে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাই; হয়তো অতি শীঘ্ৰে বিদ্যালয়ৰ পাঠ্যক্ৰমত “ম’বাইল সেৱা” বিষয় হিচাপে অন্তৰ্ভুক্ত হ’ব।