মন দাপোন – আৰজিনা বেগম

PC - Pinterest

মন দাপোন

আৰজিনা বেগম

আবেগবোৰ অনুভূতি
হ’ব পাৰে নে!
অনুভূতি জাগি উঠে
অনুভৱবোৰৰ স্পৰ্শতাত।
মোৰ আৱেগ হোৱানা
অনুভূতি হোৱানা,
বুজি পাবা
মোৰ মনৰ নিৰ্জন অৱয়বক।
সুগন্ধি হৈ আহানা
মোৰ মনলে,
জীপাল কৰি তোলানা
আৱেগৰ স্পৰ্শবোৰক।
বিচাৰি চোৱানা মোক
তোমাৰ মন দাপোনত,
পোহৰত নহয়
নিশাৰ আঁউসীত।