মন কী বাত কাৰ্যসূচীত দেশবাসীক উৎসৱৰ বতৰত ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

Pc- India Today

মন কী বাত কাৰ্যসূচীত দেশবাসীক উৎসৱৰ বতৰত ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

অনলাইন বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উৎসৱৰ বতৰত ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে। লগতে ক’ভিড টিকাকৰণৰ পৰা যাতে কোনো এজন লোক বাদ পৰি নাযায় তাক নিশ্চিত কৰিবলৈ দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনপ্ৰিয় মন কী বাত ৰে’ডিঅ’ কাৰ্যসূচীত ক’ভিডক লৈ এই আহ্বান জনোৱাৰ লগতে দেশবাসীক প্ৰতিবছৰে এদিন নদী উৎসৱ পালন কৰিবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে বিশ্ব নদী দিৱস উপলক্ষে দেশবাসীক দেশৰ ‘নদীসমূহ প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ ঐক্যবদ্ধ পদক্ষেপ হিচাপে এই নদী উৎসৱ পালন কৰাৰ বাবে আহ্বান জনায়। অহা ২ অক্টোবৰ গান্ধীজয়ন্তী উপলক্ষে খাদী সামগ্রী ব্যৱসায়ত অভিলেখ গঢ়িবলৈ দেশবাসীক আহ্বান জনায়।