‘মন কী বাত’ত বিটিআৰক ভূয়সী প্রশংসা প্রধানমন্ত্রী মোদীৰ

Pc Kalinga TV

‘মন কী বাত’ত বিটিআৰক ভূয়সী প্রশংসা প্রধানমন্ত্রী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১২৩সংখ্যক মন কী বাত ৰেডিঅ’ কাৰ্যসূচীত এসময়ত সংঘর্ষ-সংঘাতক লৈ পৰিচিত বিটিআৰ বর্তমান সমগ্র দেশত ফুটবলৰ বাবে পৰিচিত বুলি মন্তব্য কৰে। বিটিআৰৰ তৰুণ খেলুৱৈসকলৰ প্ৰশংসাত পঞ্চমুখ প্রধানমন্ত্রী মোদীয়ে কয় যে বিজয়ৰ বাবে কষ্ট আৰু প্ৰত্যাহ্বানক পৰাস্ত কৰা অঞ্চলটোৰ যুৱ ফুটবল খেলুৱৈসকল সমগ্ৰ দেশৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে। বিটিআৰত শান্তি পুনৰ উদ্ধাৰৰ কথা পুনৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰৰ সন্মুখত বড়োলেণ্ড এক নতুন পৰিচয় হিচাপে থিয় দিছে। অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু তেওঁলোকৰ আত্মবলিদান ফুটবল খেলপথাৰত স্পষ্ট হৈ পৰা বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। উল্লেখনীয় যে বিটিআৰত চলি থকা বড়োলেও চিইএম কাপৰ প্ৰসংগ টানি প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া প্রতিযোগিতা নহয়, দেশৰ ঐক্য আৰু আশাৰ উদ্যাপন বুলি মন্তব্য কৰে। প্ৰতিযোগিতাত ৩,৭০০ৰো অধিক দল আৰু প্ৰায় ৭০ হাজাৰ খেলুৱৈয়ে অংশগ্রহণ কৰা বুলি উল্লেখ কৰি মোদীয়ে কয় যে ইয়াৰ মাজত আছে বহুসংখ্যক তৰুণী। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, এই ছবিয়ে বড়োলেণ্ডৰ পৰিৱৰ্তনৰ কাহিনীক প্রতিফলিত কৰিছে। মোদীৰ মতে, বড়োলেও এতিয়া দেশৰ ক্ৰীড়া মানচিত্ৰত অধিক উজ্জ্বল হৈ উঠিছে। লক্ষণীয়ভাৱে হলীচৰণ নাৰ্জাৰী, দুর্গা বড়ো, অপূর্ণা নাৰ্জাৰী, মনবীৰ বসুমতাৰীৰ দৰে খেলুৱৈৰ কথা উল্লেখ কৰি বড়োলেণ্ডৰ ফুটবল খেলুৱৈয়ে এতিয়া উচ্চ পর্যায়ত স্বীকৃতি অর্জন কৰিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্রসংগ ক্রমে মোদীয়ে কয় যে এয়া কেৱল নাম নহয়, বৰঞ্চ নতুন প্ৰজন্মৰ পৰিচয়, যিয়েই বড়োলেণ্ডক ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছে। ইফালে আজি মন কী বাত অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে জৰুৰী অৱস্থাৰ প্ৰসংগ টানি নাম উল্লেখ নকৰাকৈয়ে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। মোদীয়ে কয় যে জৰুৰী অৱস্থা ইতিহাসৰ ক’লা অধ্যায়ৰ ভিতৰত অন্যতম। জৰুৰী অৱস্থা যিসকলে জাৰি কৰিছিল তেওঁলোকে কেৱল দেশৰ সংবিধানৰ চেতনাকেই হত্যা কৰা নাছিল, দেশৰ বিচাৰ ব্যৱস্থাকো পুতলাত পৰিণত কৰিছিল বুলি মন্তব্য কৰে মোদীয়ে। ইফালে মন কী বাতত আজি জৰুৰীকালীন অৱস্থাৰ সময়ত প্রাক্তন প্রধানমন্ত্রী মোৰাৰজী দেশাই, অটল বিহাৰী বাজপেয়ীয়ে দিয়া ভাষণৰ অডিঅ’ দেশবাসীক শুনায় মোদীয়ে।