মনৰ স্মৃতি বুটলি…. – বিশ্বজিৎ বৈশ্য

মনৰ স্মৃতি বুটলি….

বিশ্বজিৎ বৈশ্য
বংশৰ (শুৱালকুছি)

আজিও মনত পৰে সেই লৰালিৰ কিছুমান মধুসনা স্মৃতিলৈ। যত আছে গাঁৱৰ নিঃস্বাৰ্থ মৰম-স্নেহ, ভালপোৱা, আৱেগ, অনুভূতি। গাঁৱৰ কাষতে নিৰবিচ্ছিন্নভাৱে বৈ থকা নদীখনৰ দুয়োপাৰৰ সুন্দৰ পৰিবেশ। সেউজীয়া গছ-গছনি, এজাৰ আৰু সোণাৰুৰ হালধীয়া হাঁহি। গছবোৰে যেন প্ৰকৃতিৰ লগত সময় মিলাই জকমকাই ফুলি পাহি মেলে। সততে দেখি থকা গাঁৱখনৰ পৰিবেশেটোৱে মোক বৰকৈ আমনি কৰে। অভিমানী ওচৰৰে সৌ পথাৰখনে আকৌ ৰিঙিয়াই মাতে, ক্ৰিকেটৰ পৰা আদি কৰি বহুতো খেলৰ মাদকতা পোৱা স্মৃতিবোৰ জুকিয়াই চাবলৈ। পিছে এতিয়া সেই আনন্দ লাহে লাহে কমা যেন অনুভৱ হয়। যথা সময়ত খেতিয়কৰো হাতত সময় নোহোৱা পৰিস্থিতিৰ সন্মুখীন হব লগা হয়,আনকি খোৱা-লোৱাৰো আহৰি নাইকীয়া হৈ পৰে। এয়া যে এক প্ৰকৃতিৰে নিয়ম।

সাংস্কৃতিক পৰিৱেশেৰে মুখৰিত গাঁৱখনৰ প্ৰতিটো অনুষ্ঠানেই যেন একো একোটা উৎসৱ স্বৰূপ। প্ৰকৃততে আমাৰ এই ধৰাত একত্ৰিত হয় মানুহৰ মন আৰু প্ৰাণ, মহামিলনৰ গান। চকু মুদি শূন্যত উৰি ফুৰা মনটো আজি আকৌ বাহিৰৰ ফালে চালে ৰিঙিয়াই মাতে হাত বাউল দি সেই স্মৃতিবোৰক ।