মনৰ ভাষা – নাজবিন চুলতানা

PC - Adobe Stock
মনৰ ভাষা
নাজবিন চুলতানা, পাটসাঁকো
-মা… মা…চোৱা চোৱা, কিমান যে ৰঙৰ সোৱাদযুক্ত আইচক্ৰীম, কিনি দিয়া না!!
-ৰ’বা ৰ’বা…দি আছোঁ।মাকে হাতত থকা বেগটো খুচৰি চাব ধৰিলে। কপালত এটোপাল দুটোপাল ঘামৰ জিলিকনি।
-ওহ্ মা… হঠাত মোৰ পেটটো বিষাব ধৰিছে। ব’লা না ঘৰত যাওঁগৈ,আইচক্ৰীম বেলেগ এদিন খাম নহ’লে।
মাকে মনে মনে ভাবিব ধৰিলে-“মাজনী ডাঙৰ হ’ল।”