মন্ত্রী যোগেন মহন আৰু বিধায়ক তেৰছ গোৱালাক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ খালী হোৱা ৰাজ্যসভাৰ তিনিখন আসনৰ দুখন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্রার্থিত্ব। কেন্দ্রীয় নির্বাচন সমিতিয়ে আনুষ্ঠানিকভাৱে দুখন আসনৰ বাবে প্রার্থিত্ব ঘোষণা কৰে। সেই অনুসৰি দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্রী যোগেন মহনক প্রার্থিত্ব প্রদান কৰা হৈছে। উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্ৰাক্ষণত অনুষ্ঠিত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্রার্থিত্বক লৈ বিজেপি দলৰ মাজত চলিছিল নানান চর্চা। নিশ্চিত বিজয়ৰ সম্ভাৱনা থকা ৰাজ্যসভাৰ আসনৰ বাবে কেইবাজনো জ্যেষ্ঠ নেতাই মনোনয়ন সংগ্ৰহ কৰিছিল যদিও বিধানসভা নিৰ্বাচনৰ ৰণকৌশল অনুসৰিয়েই প্রার্থিত্ব লাভ কৰিলে তেৰছ গোৱালা আৰু যোগেন মহনে। মন কৰিবলগীয়া যে দুলীয়াজান সমষ্টিত তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা তেৰছ গোৱালাক এইবাৰ দলে প্রার্থিত্ব দিয়াৰ সম্ভাৱনা নাছিল। সমষ্টিটোত তেৰছ গোৱালাৰ বিৰুদ্ধে সৃষ্টি হোৱা প্রতিষ্ঠানবিৰোধী ঢৌৰ বাবে সমষ্টিটোত নতুন প্রার্থী প্ৰক্ষেপৰ লক্ষ্যৰে চলা আলোচনাত স্থান লাভ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নাম। বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ অহা ৯ এপ্ৰিলত কার্যকাল উকলি যাব। এনে অৱস্থাত ৰামেশ্বৰ তেলীয়ে পুনৰ ৰাজ্যসভাৰ সাংসদ হিচাপে থিয় দিয়াৰ ইচ্ছা প্রকাশ কৰিছিল যদিও তেৰছ গোৱালাক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ কৌশলক লৈ বিজেপিয়ে দুলীয়াজান সমষ্টিত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে প্রক্ষেপ কৰিব বিচাৰিছে ৰামেশ্বৰ তেলীক। ইফালে ৰাজ্যসভাৰ এখন আসনত আটাছুৱে আহোম জনগোষ্ঠীৰ নেতাক প্ৰক্ষেপ কৰাৰ বাবে উত্থাপন কৰি অহা দাবীৰ প্ৰতি লক্ষ্য কৰিয়েই যোগেন মহনক ৰাজ্যসভালৈ প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰে বিজেপিয়ে। এনে অৱস্থাত মাহমৰা সমষ্টিত এইবাৰ কোনে প্রতিদ্বন্দ্বিতা কৰিব তাক লৈ চলিছে চর্চা। বিজেপিয়ে গ্ৰহণ কৰা এনে ৰণকৌশলৰ সমান্তৰালকৈ বিপিএফৰ সভাপতি প্রমোদ বড়োকো ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে প্রমোদ বড়োৱেও ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সংগ্ৰহ কৰিছে মনোনয়ন-পত্র। উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ বাবে বিপিএফ-ইউপিপিএলৰ মিত্ৰতাৰ প্ৰয়োজনীয়তাক সর্বাধিক গুৰুত্ব দিছে বিজেপিয়ে। যাৰ বাবে প্রমোদ বড়োক দিল্লীলৈ প্ৰেৰণ কৰি বিজেপিয়ে বড়োভূমিৰ আঞ্চলিক দল দুটাক মিত্ৰতাৰ মেজলৈ অনাৰ প্ৰস্তুতি চলাইছে। অৱশ্যে এইক্ষেত্ৰত ইউপিপিএল বা বিপিএফে কি ধৰণৰ সঁহাৰি জনায় সেয়া লক্ষণীয় হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই প্রসংগত উল্লেখ কৰিছে যে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিজেপিয়ে ইউপিপিএলক সমর্থন জনাব। আনকি বিপিএফেও প্রমোদ বড়ো প্রার্থী হ’লে সমর্থন জনোৱাৰ ইংগিত দিছে। স্বাভাৱিকতে প্রমোদ বড়োৰ দিল্লী যাত্রা সুগম কৰি বিজেপিয়ে বিধানসভা নির্বাচনত ইউপিপিএলক এনডিএৰ মিত্ৰতাৰ মেজলৈ অনাৰ ৰণকৌশল সাজু কৰি তুলিছে। এই বিষয়টোক লৈয়েই ইউপিপিএলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ইউপিপিএলে এনডিএৰ সহযোগী হৈ থকাৰ সপক্ষে প্রস্তাৱ গ্ৰহণ কৰে। অৱশ্যে বিপিএফৰ সৈতে মিত্ৰতাৰ প্ৰসংগত দলৰ সিদ্ধান্ত সন্দর্ভত কোনো কথা খোলোচা কৰা নাই ইউপিপিএলে।
