মনোৰমা – এছ ইছলাম

PC - Wallpaper Flare
মনোৰমা
এছ ইছলাম, শিক্ষক, বৰপেটা
সিদিনাৰ পৰাই তোমাক পাহৰা নাই
তোমাৰ ৰূপৰ মদিৰা পাই
চিৰবশ হ’লোঁ মই ।
মনত পৰিলে তোমাৰ কথা
হৃদয়ত লাগে বৰ ব্যথা
তোমাৰ লাৱণ্যময়ী মুখ
দেখিলেই পাওঁ সুখ।
নিপোটল তোমাৰ বুকু
তিৰ্ বিৰ্ তৰা যেন চকু
তোমাৰ দীঘল-ক’লা চুলিটাৰি
দুখনি হাত পদুমৰ ঠাৰি।
তোমাৰ নাকত নাক-ফুল
কাণত সোণৰ দুল
ডালিম-গুটিয়া দাঁত
শুৱলা তোমাৰ মাত।
মেখেলা-চাদৰ তোমাৰ গাত
নীলা ব্লাউজ তাত
ভৰিত হাই-হিল
চকুত কাজলৰ ছীল ।
মেক-আপ তোমাৰ গালত
লিপষ্টিক তোমাৰ লাটুমণি ওঁঠত
ৰঙীন ফুট কপালত
সোণৰ খাৰু হাতত।
যদি ক্ষন্তেক দেখা নাই তোমাৰ
অন্তৰ দগ্ধিভূত হয় মোৰ
চতুৰ্দিশ দেখোঁ আন্ধাৰ
জীয়াই থকাটো অসাৰ।
মোৰ হৃদয় তন্ত্ৰীত পুলক জগাই
প্ৰেমৰ ৰাগিণী দিলাহি বিলাই
তুমিতো নাজানা হে মোৰ সখী,
তুমি মোৰ কবিতাৰ জীয়া সূঁতি।