মনোনয়ন-পত্র দাখিলৰ অন্তিম দিনা ৭০২ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
ৰঙিলী বাৰ্ত্তাসেৱা- ১২৬খন আসনবিশিষ্ট অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ মনোনয়ন-পত্র দাখিলৰ অন্তিম দিনা ৭০২ প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ইয়াকে ধৰি এইবাৰৰ বিধানসভা নিৰ্বাচনৰ ভোট যুদ্ধত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা হ’লগৈ মুঠ ৮১৮গৰাকী।আগন্তুক পাঁচ বছৰৰ বাবে ৰাজ্যৰ শাসন ক্ষমতা কুক্ষিগত কৰাৰ বাবে ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দল বিজেপি, কংগ্ৰেছ, অগপ, অজাপ, ৰাইজৰ দল, এআইইউডিএফ আদিকে ধৰি ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ প্ৰাৰ্থীসকলে নিজ নিজ জিলা সদৰৰ ৰিটার্নিং বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে। প্ৰতিটো দলৰ প্ৰক্ষেপিত প্রার্থীসকলে ঢোলে-দগৰে, বিশাল শোভাযাত্রা কৰি দলীয় সমর্থক তথা শুভাকাংক্ষীসকলৰ বিপুল হর্ষধ্বনিত মনোনয়ন-পত্র দাখিল কৰে। মনোনয়ন-পত্র দাখিলৰ অন্তিম দিনা ৰাজ্যৰ কেইবাগৰাকী হাই প্রফাইল ৰাজনৈতিক নেতাই নিজৰ মনোনয়ন-পত্র দাখিল কৰে।

মনোনয়ন-পত্র দাখিল কৰা হাই প্রফাইল নেতাসকলৰ ভিতৰত আছে বিজেপিৰ বর্ষীয়ান নেতা, টিহু সমষ্টিৰ প্রার্থী চন্দ্ৰমোহন পাটোৱাৰী, বিজেপিৰ নলবাৰী সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত মল্লবৰুৱা, নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্রার্থী দিপ্লুৰঞ্জন শৰ্মা, মধ্য গুৱাহাটীৰ বিজেপি প্রার্থী বিজয় কুমাৰ গুপ্তা, দিছপুৰ সমষ্টিৰ বিজেপি প্রার্থী প্রদ্যুৎ বৰদলৈ, কলিয়াবৰৰ অগপ প্রার্থী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বোকাখাতত অগপৰ প্ৰাৰ্থী তথা দলটোৰ সভাপতি অতুল বৰা, টিংখাঙত বিজেপিৰ মন্ত্ৰী বিমল বৰা, বিহপুৰীয়াত ভূপেন বৰা, যোৰহাটত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিজেপিৰ প্ৰাৰ্থী বিধায়ক হিতেন্দ্র নাথ গোস্বামী, শদিয়াত অজাপৰ প্ৰাৰ্থী জগদীশ ভূঞা, দিছপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আদিকে ধৰি বহু হাই প্রফাইল নেতাই মনোনয়ন-পত্র দাখিল কৰে।

স্মৰ্তব্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অগপৰ প্রার্থীদ্বয় ক্রমে কলিয়াবৰৰ কেশৱ মহন্ত আৰু বোকাখাতত অতুল বৰাৰ মনোনয়ন-পত্র দাখিলৰ সময়ত উপস্থিত থাকি দুয়োগৰাকী নেতাক সংগ দিয়ে। তাৎপৰ্যপূৰ্ণভাৱে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিজেপিৰ হৈ অন্তিম মুহূর্তত প্রার্থিত্ব লাভ কৰা কুশল দুৱৰীয়ে নিজৰ মনোনয়ন দাখিল কৰে। মনোনয়ন-পত্র দাখিল কৰে তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা বিধায়ক ভাস্কৰজ্যোতি বৰুৱায়ো। তেওঁ পুৱাৰ ভাগত দলৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় ৰূপত প্রতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন-পত্র দাখিল কৰে। উল্লেখ্য যে আগন্তুক নিৰ্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে এইবাৰ শাসনাধিষ্ঠিত বিজেপি দলৰ মুঠ ৯০খন আসনৰ বাবে ৯০জন প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। দলটোৰ ৬৬গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰাৰ বিপৰীতে যোৱা ২০ মার্চত মুঠ ২৪ গৰাকী মনোনীত প্রার্থীয়ে আনুষ্ঠানিকভাৱে নিজৰ নিজৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন-পত্র দাখিল কৰে।

দলীয় প্রার্থীৰ মনোনয়ন-পত্র প্রদান প্রক্রিয়া সন্দৰ্ভত বিজেপিৰ পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে কয় যে আগন্তুক অসম বিধানসভা নির্বাচনৰ প্ৰাক্ষণত ভাৰতীয় জনতা পার্টী অসম প্রদেশে ৰাজ্যজুৰি জনসাধাৰণৰ আশীৰ্বাদ গ্রহণ কৰি নিজৰ সু-সংগঠিত প্রস্তুতি, দৃঢ় সংকল্প আৰু অপ্ৰতিৰোধ্য জনসমর্থনৰ এক ঐতিহাসিক নিদর্শন দাঙি ধৰে। ৰাজ্যৰ বিভিন্ন বিধানসভা সমষ্টিত দলৰ মনোনীত প্রার্থীসকলে হাজাৰ হাজাৰ উৎসাহী কর্মী-সমর্থকৰ উল্লাসৰ ঢৌৰ মাজত অদম্য আত্মবিশ্বাসেৰে নিজৰ নিজৰ মনোনয়ন-পত্র দাখিল কৰে। এই মনোনয়ন দাখিল কার্যসূচী ৰাজ্যজুৰি এক অভূতপূর্ব আৰু ঐতিহাসিক গণ সমাগমৰ মাজত সম্পন্ন হয়।প্রতিজন প্রার্থীয়ে লাভ কৰা এই অভূতপূর্ব মৰম আৰু আশীর্বাদে স্পষ্টকৈ সূচায় যে অসমৰ জনসাধাৰণ পুনৰবাৰ উন্নয়ন, স্থিৰতা আৰু সুশাসনৰ পথকেই বাছি ল’বলৈ দৃঢ় সংকল্পবদ্ধ। উল্লেখ্য যে যোৱা ২০ মার্চত ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰা তথ্য অনুসৰি ‘২৬ৰ নিৰ্বাচনৰ বাবে ২০ মাৰ্চত ১১৬গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। আজি অন্তিম দিনালৈ মনোনয়ন দাখিল কৰা মুঠ ৮১৮গৰাকী প্ৰাৰ্থীৰ হৈ মুঠ ১,৩৯০খন মনোনয়ন-পত্র দাখিল হয়। আনহাতে ধেমাজি জিলাৰ তিনি সমষ্টিৰ বাবে মুঠ ১৫জন, লখিমপুৰ জিলাৰ ৫ সমষ্টিৰ বাবে ২৬জন, ডিব্ৰুগড় জিলাৰ ৬ সমষ্টিৰ বাবে ২৪জন, বিজনী সমষ্টিৰ বাবে ১৭জন, চিদলী-চিৰাং সমষ্টিৰ বাবে ৪জন প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰিছে বুলি জানিব পৰা গৈছে।
