মনোজ ধানোৱাৰৰ নেতৃত্বত ৰাজ্যিক ‘আপ’ৰ সম্প্ৰসাৰণ

মনোজ ধানোৱাৰৰ নেতৃত্বত ৰাজ্যিক ‘আপ’ৰ সম্প্ৰসাৰণ
উপ সভাপতি পদত অধিষ্ঠিত ঋষিৰাজ কৌণ্ডিন্য

ৰঙিলী বাৰ্ত্তাসেৱা– আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত নতুনকৈ গঠিত কাৰ্যনিৰ্বাহকৰ সম্প্ৰসাৰণ কৰা হৈছে। ৰাজ্যিক সমিতিখনত নতুনকৈ এজন উপ সভাপতি, ৮ জন সাংগঠনিক সম্পাদক আৰু ১৩ জন যুটীয়া সাংগঠনিক সম্পাদক অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা দলৰ অন্যতম কৰ্মকৰ্তা ঋষিৰাজ কৌণ্ডিন্যক উপ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্যিক উপ সভাপতিৰ পদত ইতিপূৰ্বে থকা মামুন ইমদাদুল হক চৌধুৰী, সৌমিক সেনগুপ্ত, অনুৰূপা ডেকাৰজাৰ লগতে ঋষিৰাজ কৌণ্ডিন্যৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দলীয় সংগঠনৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে সাংগঠনিক সম্পাদক হিচাপে আখতাৰুল ইছলাম হাজৰিকা, দিলীপ হাজৰিকা, বল্লভ পাত্ৰ, জয়ন্ত শইকীয়া, দিব্যজ্যোতি শৰ্মা, ভৈৰৱ গগৈ, মহাবীৰ বাস্কে আৰু ফুডিং তেৰাঙক নিযুক্তি দিয়া হৈছে। আনহাতে, ৰাজ্যিক কমিটীৰ সম্প্ৰসাৰণ ঘটাই যুটীয়া সাংগঠনিক সম্পাদক পদত নিযুক্তি দিয়া হৈছে যুগান্ত বৰা, নুৰুল হাছান, অনন্ত গগৈ, ডাঃ দেবব্ৰত গগৈ, আমিৰ হুছেইন, ডঃ ইব্বত আলি, বিপ্লৱ দাস, কৃষ্ণ ৰবিদাস, ৰামা পৰিহাৰ, আব্দুল মজিদ, ছাইদুৰ ৰহমান, নেংবই হেংমা আৰু মহিউদ্দিন ছিদ্দিকীক। আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ স্বাক্ষৰিত নিৰ্দেশনা মৰ্মে এনেদৰে সম্প্ৰসাৰণ কৰা হৈছে ৰাজ্যিক কাৰ্যনিৰ্বাহক ।