মনলৈ অহা কথা
মৰিশালি জানো জীৱনৰ
শেষ?
হাড় মাংস ছাই হ’লেও
আবেগে মেলা পাতে
তাত।
সেই নিস্তব্ধতাৰ লগত
বাৰ্তালাপ কৰোঁ,
প্ৰতিনিয়ত
জীপাল কৰোঁ
মন আৰু মগজু
সমৃদ্ধ কৰো সময়।
আইভীলতাৰ সৰা পাত লিখি
জ’নছী জী উঠাৰ দৰে
জী উঠো।
মৰিশালিৰ সুন্দৰতা মোৰ
একান্ত কাম্য।
য’ত মই মোৰ সতে
কথা পাতো
জী উঠো
শেষ শীতৰ সৰা
পাত লেখি।
অৰূপা নাথ
গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়