মনত পৰে নে তোমাৰ – মনোৰঞ্জন বৰা 

মনত পৰে নে তোমাৰ

  মনোৰঞ্জন বৰা 
গোলাঘাট, দেৰগাঁও

মনত পৰে নে তোমাৰ
সেই এৰি অহা দিনাবোৰলৈ
য’ত আছিল মাথোঁ অন্ধকাৰ।
কাল অমাৱস্যাত ওলোৱা
ভূতৰ দৰে কিছুমান
দানৱীয় নৰ পিশাচৰ আচল ৰূপ,
ভদ্ৰতাৰ মুখা পিন্ধা মানুহবোৰৰ
কুটনীতি বোৰৰ কথা,
মনত পৰে নে তোমাৰ ?
মনত পৰে নে তোমাৰ …
সমাজৰ সেই একচেটিয়া ন্যায়ৰ কথা
য’ত আছিল মাথোঁ ধনৰ প্ৰৱলতা ।
দৰিদ্ৰ কৃষকৰ কেঁচা তেজ শুহি খোৱা
জমিদাৰৰ নিষ্ঠুৰতাৰ কথা ।
মনত পৰে নে তোমাৰ
পৰে জানো মনত
সমাজৰ আগত কলংকিতা
সজোৱা তোমাৰ বাই- ভনীৰ কথা !
সেই নীতি নিয়মৰ কথা
মনত পৰে নে
য’ত আছিল মাথোঁ নাৰীৰ বিৰোধিতা।
কতজনে কয় ‘ তোৰ কাম নহয় সিটো ‘
‘তহঁতবোৰ মাথোঁ ঘৰৰ বাবে ‘
আছেনে মনত ?
কিদৰে আছা তুমি আজিও নিৰৱে ,
প্ৰতিশোধৰ জুইকুৰা জ্বলে জানো কেতিয়াবা
নে এনেকৈয়ে চাই ৰবা তুমি
অন্যজনৰ লগত হ’বৰ বাবে !!