মনত পৰেনে তোমাৰ
এন হক
মোক এমুঠি বিশ্বাস দিয়া
মই মোৰ বুকুৰ পথাৰখন পাৰি দিম ।
শেৱালী সুগন্ধি বুলোৱা ৰ’দজাকত তিতা
শালিকী গধূলি আকাঙ্খাৰ ঘোঁৰা চেঁকুৰায়
নিশিগন্ধা সপোনৰ বুঁটা বাছি
জোনাকী কলিজা নিচুকায়
এই যে জোনাকজাক উদাহ হ’লেই
কেৰ্কেটুৱাই কলিজাটো খুটি খুটি খায়
ৰক্তবাহিকাত বিষাদগ্ৰস্ত স্ৰোতে সুহুৰি বজাই
মেঘমল্ল হৈ উঠে
পৱিত্ৰ আকাশ ।
মনত পৰে মোৰ
মনত পৰেনে তোমাৰ ?
যৌৱনৰ নঙলামুখত কবিতা কবিতা খেলত
দুয়ো তিতিছিলো একেই শব্দৰ বৰষুণত ….
কি আছিল সেই অনুভৱত
তুমি আজুৰিলা
মই পিছলি পৰিলোঁ অনুৰাগী আৱেগত ।