মনত পৰিছে মা তোমালৈ – কুমুদ চন্দ্ৰ মেধি

[মাতৃ দিৱস উপলক্ষে]

বৰকৈ মনত পৰিছে মা তোমালৈ
তোমাৰ বুকুৰ অমৃত পান কৰি
তোমাৰ কোলাতে দিছিলো ছি কৰি,
তিতি যাব বুলি মোৰ কুমলীয়া দেহা
শুকান কাপোৰেৰে দিছিলা আবৃত কৰি।

বৰকৈ মনত পৰিছে মা তোমালৈ
টোপনি নাহিলে হাত বুলাই
নিচুকনি গীতেৰে মৰম ওপচাই
শুৱাইছিলা হৃদয়ৰ মাজত,
স্মৃতিত আজিও হিয়া ভৰি যায়।
মই কান্দিলে তুমি দুখ পোৱা
ঠেহ ভাঙিবলৈ বুজনি দিয়া,
তোমাৰ ভাগৰখিনি নোখোৱাকৈ
মোৰ মুখতহে গুজি দিয়া।

মনত পৰিছে বৰকৈ মা তোমালৈ
স্কুল যাবলৈ সাজু কৰি দিছিলা
গেঁাসাই থাপনাত আশিস বিচাৰি
বন্তি জ্বলাই নেদেখাজনৰ ওচৰত
সেৱা জনালা পৱিত্ৰতাৰে চৰণত,
পোণাটি হয় যেন আমাৰ গৌৰৱ।

মনত পৰিছে মা তোমালৈ
তুমি আজি মোৰ ওচৰত নাই,
হেজাৰজনৰ নিভাজ মৰমে
নোৱাৰে পূৰাব তোমাৰ ঠাই।
আছা তুমি মোৰ গোপন কোণত
বৰদানী হাত শিৰত থৈ,
জীৱন নদীৰ দকা-ছাকনৈয়াত
প্ৰেৰণাৰ উৎস চাকিগছি হৈ।
নোৱাৰো সুজিব মা
তোমাৰ এই মহান ধাৰ
অৰ্পিলো সেৱা মাথো মোৰ
জীৱনজোৰা সাধনাৰ।