মনটো ডাষ্টবিন হ’বলৈ নিদিব
আটাইতকৈ বেগি বস্তু মনটোকে কোৱা হয়। কিয়নো আমাৰ মন হঠাৎতে সলনি হ’ব পাৰে। বেয়া লগাটো ভাল লগা আৰু ভাল লগাটো বেয়া লগা। সেইকাৰণে আমাৰ মন বেগি। মনটো এটা ঠাইত স্থিৰ কৰিবৰ বাবে সময় লাগে। যদিহে মনটো ভাল লাগি থাকে তেন্তে প্ৰত্যেকটো কামেই মানুহে ভালকৈ কৰিব পাৰে। আৰু যদিহে বেয়া হৈ থাকে তেন্তে যিকোনো এটা কাম মানুহে ভালকৈ কৰিব নোৱাৰে। সেই কাৰণে সদায় নিজৰ মন ভালে ৰাখিব লাগে। মানুহৰ মনটো আটাইতকৈ পবিত্ৰ বুলি কোৱা হয়। সেইকাৰণেইটো কয় – মন্দিৰত নহয় নিজৰ অন্তৰত বিচাৰিলেই ভগৱানক পাবা। কিন্তু এই মনটো কেতিয়াও ডাষ্টবিন হ’বলৈ নিদিব।যাৰ যি মন যায় পেলাই থৈ যাব আৰু আপুনি গ্ৰহণ কৰি যাব। এনেকুৱা হ’লে সদায় আপোনাৰ মন বেয়া থাকিব । আৰু নিজেও নিজৰ মনটো ডাষ্টবিন কৰি নুতুলিব। সেয়া নিজৰ কথা বেয়াকে ভাবিয়ে হওঁক বা আনৰ কথা ভাবি। এজন ব্যক্তিক এবাৰ লগ পায় বা তেওঁ চিন্তাধাৰা নজনাকৈয়ে কেতিয়াও তেওঁ বিষয়ে বেয়াকৈ নাভাবিৱ। যদিহে এবাৰ ভাবি লয় বেয়া বুলি তেতিয়া কিন্তু ভাল হ’লেও আপোনাৰ মনত তেওঁ সদায় বেয়া বুলিয়ে থাকি যাব। আমি কোৱা শুনো যে – শিশু সকলৰ গাত ভগৱান থাকে। কাৰণ শিশু সকলৰ মন পবিত্ৰ। সেইকাৰণেই ভগৱান থাকে। আমি আমাৰ মনটো ডাষ্টবিন কৰা কেতিয়াও উচিত নহয়। আমি আমাৰ মন ভালে ৰাখিলে সকলো সম্ভৱ।
সংযুক্তা দত্ত
দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়