মধ্য প্ৰদেশ চৰকাৰে লতা মংগেশকাৰৰ স্মৃতিত সংগীত একাডেমী, সংগ্ৰহালয় স্থাপন কৰিব
ৰঙিলী বাৰ্ত্তাসেৱা- মধ্য প্ৰদেশ চৰকাৰে প্ৰয়াত প্ৰবীণ গায়িকা লতা মংগেশকাৰৰ জন্মস্থান ইন্দোৰত তেওঁৰ গান প্ৰদৰ্শন কৰা এখন সংগীত একাডেমী আৰু এটা সংগ্ৰহালয় স্থাপনৰ কথা ঘোষণা কৰিছে। চহৰখনত গায়িকাগৰাকীৰ এটা মূৰ্তিও স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁক মধ্য প্ৰদেশৰ কন্যা বুলি অভিহিত কৰি কয় যে ৰাজ্যখনৰ বাবে তেওঁৰ হৃদয় স্পন্দিত হয়।