মধ্যযুগীয় সাহিত্য- পুলিন ডেকা

Pc World History Encyclopedia

মধ্যযুগীয় সাহিত্য

পুলিন ডেকা

সাহিত্য হৈছে সমাজ বীক্ষাৰ প্ৰতিফলন। ব্যক্তি আৰু সামাজিক জীৱনৰ সংবেদনশীলতা, নৈর্ব্যক্তিকতা, কলাত্মক চেতনাৰ উন্মেষ সাধনৰ দিশত সাহিত্যই সদায়ে বৌদ্ধিক স্বৰূপ প্রকাশি আহিছে। সাহিত্যৰ সৃষ্টিৰ ইতিহাস সম্পৰ্কত মতদ্বৈধতা থাকিলেও এই কথা কোৱাৰ প্রয়োজনীয়তা আছে যে সভ্যতাই নির্ণয়াত্মক ভূমিকা লোৱাৰ সময়ৰে পৰা সৃজনীমূলক চিন্তাৰ প্ৰসাৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে সাহিত্যই। সাহিত্যৰ সামগ্ৰিক প্ৰক্ৰিয়াটো এক নিৰৱচ্ছিন্ন সোঁত। মানুহৰ চেতনাৰ আৰু চিন্তাৰ ৰূপান্তৰৰ লগে লগে সাহিত্যৰ ধাৰা, যৌক্তিক বিশ্লেষণৰ স্বৰূপ সলনি হৈ আহিছে। বিশ্ব ইতিহাসত সাহিত্যৰ কালোত্তীৰ্ণ ৰূপটো যথাৰ্থৰূপে পৰ্যালোচনা কৰিলে দেখা যায় যে মধ্যযুগীয় সাহিত্যৰ মাজত আছে ৰূপান্তৰিত বৌদ্ধিক সমাজ এখন গঢ়াৰ অত্যুগ্র আগ্রহ। ভাষা-সাহিত্যৰ মূল স্রোত হৈছে লোকজীৱন। লোকজীৱন আধাৰিত সাহিত্যই মধ্যযুগীয় সাহিত্যিকৰ চিন্তাধাৰক সর্বাত্মক ৰূপত প্রভাবিত কৰিছিল। ৪১০ খ্রীষ্টাব্দত ৰোমান সাম্রাজ্য পতনৰ পিছত ৰাজনৈতিক পটভূমিৰ সলনি হোৱাৰ লগে লগে মধ্যযুগীয় সাহিত্যৰ সূচনা হোৱা বুলি পণ্ডিতসকলে অনুমান কৰিলেও এইক্ষেত্ৰত মত পার্থক্য থকাটো নিতান্তই স্বাভাবিক। দর্শন, ধর্মীয় গ্রন্থ, আইনী গ্ৰন্থৰ লগতে বীৰত্ব, কাল্পনিক ৰচনাসমূহে মধ্যযুগীয় সাহিত্যক প্রতিনিধিত্ব কৰিলেও সামগ্রিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি দেখা যায় যে এই শ্ৰেণীৰ সাহিত্যই আধ্যাত্মিক ৰূপ অধিক জনগ্রাহ্য কৰাৰ পোষকতা কৰিছিল। মধ্যযুগীয় ইউৰোপীয়ান সাহিত্যক সামন্তবাদ, গির্জাই যিদৰে প্ৰভাৱিত কৰিছিল, ঠিক একেদৰে ভাৰতৰ মধ্যযুগত সনাতন আধ্যত্মিক শৈলীক পুনৰুজ্জীৱিত কৰাৰ এক সৰ্বাত্মক নৱজাগৰণৰ সূচনা হৈছিল। ভাৰতৰ মধ্যযুগ আছিল চিৰন্তন উঠা-নমা কৰা এক অবিৰত সময়। ভাৰতীয় সাহিত্যত এই সময়ছোৱাত বিভিন্ন কাৰকে প্রভাৱিত কৰিছিল যদিও হিন্দু, বৌদ্ধ আৰু মুছলমান আধ্যাত্মিক শৈলীয়ে। সাহিত্যৰ অন্তনীল প্রবাহ আছিল। এই সময়ছোৱাতে সাহিত্যই এক স্পন্দনশীল ৰূপ পৰিগ্ৰহণ কৰে। ভক্তি আন্দোলনৰ উত্থানে সাহিত্যৰ সামগ্রিক ধাৰাটোকে সলনি কৰি পেলাইছিল। ইয়াৰ সৈতে সংস্কাৰবাদী চেতনাও মূৰ্ত হৈ উঠে, যিটো সাহিত্যৰ অন্যতম উপাদান হিচাপে পৰিগণিত হয়। শুরু নানক, কবি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অসংখ্য চুফী সাধকে ভক্তি আন্দোলনৰ বাৰ্তা কঢ়িয়াই আনে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি পর্যালোচনা কৰিলেই সহজে প্রত্যক্ষ কৰিব পাৰি মধ্যযুগীয় সাহিত্যৰ ভাৰতীয় স্বৰূপ। কাশ্মীৰৰ সোমদেৱৰ কথাসৰিৎসাগৰ, কালহানৰ ৰাজতৰংগিনী, জয়দেৱৰ গীতগোবিন্দ, চান্দবৰদৈৰ পন্থীৰাজ ৰসো আদি গ্ৰন্থৰ মূল্যাংকন কৰিলে দেখা যায় যে ইউৰোপীয়ান সাহিত্যই মধ্যযুগক যিদৰে প্রতিনিধিত্ব কৰিছিল তাৰ তুলনাত ভাৰতীয় সাহিত্যৰ চেতনা কোনোগুণে কম নাছিল। মধ্যযুগীয় সাহিত্যৰ সৈতে শিল্পকলাৰো এক তাত্ত্বিক পৰিৱৰ্তন লক্ষ্যণীয় হৈ পৰে। এই দুয়োটা দিশতে নতুন চিন্তাশৈলীৰ প্ৰৱেশ হয় আৰু বহু পৰিমাণে বাস্তৱবোধৰ প্ৰতি এক অনুভূতি সূচনা হয়। আনহাতে এই সময়ছোৱাত ভাষাৰ পৰিৱৰ্তনমুখী দিশটোৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত ভাষা-সাহিত্যৰ সম-প্রয়োজনীতাৰ মহত্ত্ব প্রকাশি উঠে। ১০৬৬ চনত নৰ্মান ৰজাৰ বিজয়ে ফৰাচী ভাষাক সাহিত্যৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰায় ৫০০ৰ পৰা ১১০০ চনৰ ভিতৰত ব্যৱহাৰ হোৱা ইংৰাজী ভাষা ১১০০-১৫০০ৰ ভিতৰত পৰিৱৰ্তনৰ ৰূপ এটাও সম্ভৱ কৰি তোলে । ইউৰোপীয়ান সাহিত্য, মধ্যযুগীয় সাহিত্যৰ তিনিটা বৈশিষ্ট্য উল্লেখনীয়। আধ্যাত্মিক চিন্তনৰ লিখন ৰূপ, মৌখিক সাহিত্যৰ প্ৰকাশভংগী আৰু বাস্তববোধৰ প্রতি আকর্ষণ। কিংবদন্তি বা লোককথাসমূহ সাহিত্য চেতনাৰ মূল প্রাণকেন্দ্ৰ আছিল । তথাপি এই সময়ছোৱাত কবিতাই কলাত্মক প্ৰকাশৰ মাধ্যম হিচাপেও উজলি উঠে। গীতিময় কবিতা, বেলাড, গীতবোৰ অৱশ্যে কবিতা আছিল। কিন্তু ৰাজদৰবাৰৰ প্ৰেমৰ মহান ৰোমাঞ্চ মহাকাব্যৰ দৰে গদ্যত লিখা হৈছিল। মধ্যযুগত লিখাৰ ক্ষেত্ৰত মৌলিকতাক সাংস্কৃতিক মূল্যবোধৰ পৰিসৰলৈ নিব পৰা নাছিল। বহু লেখকে ছদ্মনামেৰে লিখাৰ বাবে প্ৰকৃত লেখকৰ নাম জনাটো সম্ভৱ হৈ নুঠিল। খ্রীষ্টীয় ত্রয়োদশ আৰু চতুৰ্দশ শতিকাত লেখকসকলে নিজস্ব নামেৰে লিখাৰ প্ৰতি আগ্ৰহী হৈ উঠে। মধ্যযুগীয় ইউৰোপীয়ান সাহিত্যৰ কথা ক’লেই মনলৈ আহে জিঅফ্রি চ’চাৰ, লংলেণ্ড, মেলৰি, ডাণ্টে, বিউলফৰ দৰে লেখকসকলৰ নাম। চতুৰ্দশ শতিকাত ৰচিত ডাণ্টেৰ ‘ডিভাইন কমেডী’ আজিও বিশ্ব সাহিত্যৰ অন্যতম শ্রেষ্ঠ গ্রন্থ হিচাপে চিহ্নিত হৈ ৰৈছে। ই পশ্চিমীয়া ইতিহাসৰ দলিল। সাহিত্য আৰু ধৰ্মতত্ত্বৰ প্রকাশভংগী চমৎকাৰ। চ’চাৰে ‘দ্য কেণ্টাৰবেৰী টেলছ’ত বিদ্যমান সাহিত্যৰ উৎসৰ পৰা সংগ্ৰহ কৰি তাক অভিযোজনা কৰিছিল। ইয়াৰ কাব্যিক শক্তি আৰু বিষয়বস্তুৰ উপস্থাপন মূল্যৰ উপৰি চতুৰ্দশ শতিকাৰ বিভিন্ন সামাজিক শ্ৰেণীৰ চিত্ৰণ মন কৰিবলগীয়া। উইলিয়াম শ্বেইক্সপীয়েৰ আৰু ফ্লেচাৰে তেওঁলোকৰ নাটকত চ’চাৰৰ ‘দ্য টু নোবেল’ক উৎস হিচাপে ব্যৱহাৰ কৰিছিল। মধ্যযুগীয় ইংলেণ্ডৰ কাহিনীৰে মাজেৰী কেম্পে লিখিছিল ‘দ্য বুক অব মাজেৰী কেম্প’। এই গ্ৰন্থখন নিস্বাৰ্থ বিশ্বাস আৰু প্ৰেমৰ এখন আত্মজীৱনী। দুঃসাহসিক বিৱৰণেৰে মাৰ্কো প’লোৱে লিখিছিল। ‘ট্ৰেভেল্‌ছ’ নামৰ গ্ৰন্থখন। ৰজা আৰ্থাৰৰ কাহিনীৰ আধাৰত লিখা হৈছিল ‘দ্য হিষ্টী অৱ দ্য কিংছ অৱ ব্ৰিটেইন’। জিঅফ্ৰিৰ এই কিতাপখনৰ মাজেৰে আধুৰিয়ান কিংবদন্তীৰ বহু আইকনিক বৈশিষ্ট্যও প্ৰকাশ কৰিছে। লেটিন ভাষাত ১১৩৫ চনত লিখা হৈছিল। প্ৰেম, যুদ্ধ আৰু বীৰত্বৰ আধাৰত দ্বাদশ আৰু তেৰশ শতিকাত লিখা ‘দ্য মেবিনোজিয়ন’ গ্ৰন্থখন অন্যতম গুরুত্বপূর্ণ গদ্য গ্রন্থ। ১৪৮৫ চনত প্ৰকাশিত থমাছ মেল’ৰিৰ ‘লে মৰ্টে ডি আৰ্থাৰ হ’ল পশ্চিমৰ আটাইতকৈ প্রাচীন উপন্যাস। প্রাচীন মেছোপটেমিয়াৰ পৰা মহাকাব্যিক কবিতাৰ আৰম্ভণি হয়। দ্য এপিক অব গিলগামেছত পোৱা যায় আধ্যাত্মিকতাৰ সুৰ। ইউৰোপৰ মহাকাব্যিক চেতনাৰ উন্মেষ হয় গ্ৰীচত। হোমাৰে সূচনা কৰা সেই কাব্যিক অনুভূতি আছিল অনন্য। হেচিঅ’ড, এপল ‘নিয়াছ, অভিড, লুকান, ষ্টেটিয়াছ আদি কবিসকলৰ কাব্যিক শৈলী আছিল সুতীব। ভার্জিলে ৰোমান সাম্ৰাজ্যৰ মহাকাব্যিক কবিতা প্রস্তুত কৰিছিল। এইসকল কবিয়ে পৌৰাণিক কালতে কবিতাৰ আদিপাঠ গঢ়ি তুলিছিল। মধ্যযুগৰ পূৰ্বে ৰচিত এইসমূহ কবিতাই ইয়াৰ সুকীয়া চৰিত্ৰ বহন কৰে। প্ৰাচীন ভাৰতীয় ধ্রুপদী গ্ৰন্থসমূহ কাব্যিকতাৰে পূর্ণ। কিন্তু ১৩২০ চনত সম্পূৰ্ণ কৰা ডাণ্টেৰ ‘দা ডিভাইন কমেডী’ অনন্য ৰূপত উদ্ভাসিত হৈ উঠে। মধ্যযুগৰ মহান স্পেনিছ মহাকাব্যসমূহৰ ভিতৰত অন্যতম হৈছে ‘দ্য পয়েম অব চিআইডি’। কেষ্টটিলিয়ান বীৰৰ সঁচা কাহিনীৰ আধাৰত ১২০৭ চনৰ ভিতৰত লিখা হৈছিল। ফৰাচী মহাকাব্যক এক নতুন গতি প্রদান কৰিছিল চেনছন ডি ৰ’লেণ্ডে। এই গ্ৰন্থখনে ১২০০ শতিকাৰ পৰা ১৮০০ শতিকাৰ ভিতৰত যথেষ্ট জনপ্ৰিয়তা আহৰণ কৰিছিল। মধ্যযুগৰ সাহিত্যৰ শ্ৰেণীবিভাগ কৰিলে প্ৰতিটো সময়তে সুকীয়া সাহিত্যৰ ধাৰা দেখিবলৈ পোৱা যায়। আৰম্ভণিৰ মধ্যযুগ, উচ্চ মধ্যযুগ আৰু শেষৰ মধ্যযুগত সাহিত্যৰ পার্থক্য বিৰাজমান। প্রাথমিক মধ্যযুগ একাদশ শতিকালৈ দেখা যায়। এংলো-ছেক্সনসকলে এই সময়ছোৱাত খ্ৰীষ্টান ধৰ্মৰ সৈতে সামাঞ্জস্য ৰাখি সাহিত্যৰ বিন্যাস কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। উচ্চ মধ্যযুগ আৰম্ভ হৈছিল নৰ্মান আক্ৰমণৰ সময়ত। এই সময়ছোৱাত সাহিত্যৰ লক্ষণীয় পৰিৱৰ্তন দেখা যায়। শেষৰ সময়ছোৱাত সাহিত্যই জীৱনৰ স্পন্দ বিচাৰিবলৈ আৰম্ভ কৰে। মধ্যযুগীয়া সাহিত্য যুক্তিনির্ভৰ নহয়। সাধাৰণতে আৱেগৰ প্ৰাধান্য দেখিবলৈ পোৱা যায়। জাৰ্মানীৰ বীৰত্বপূর্ণ কবিতাবোৰে মূল্যবোধৰ ধাৰণা এটিও দিব বিচাৰিছিল। মধ্যযুগীয় সাহিত্যৰ মাজেৰে সৃষ্টি হোৱা আন্তঃসাহিত্যৰ সোঁতটোৱে বিশ্ব সাহিত্যৰ পটভূমি এটি নির্মাণ কৰে। আধুনিক চিন্তাৰ পাতনি মেলে। মধ্যযুগীয় লেখকসকলে জাতি, ধৰ্ম আৰু বিজ্ঞানৰ বিষয়ে অন্বেষণ কৰিছিল। উচ্চ মধ্যযুগৰ পৰা অৰ্থনৈতিক আৰু ভূখণ্ডৰ সম্প্ৰসাৰণ, জনগাঁথনি আৰু নগৰমুখী চেতনা, জাতীয় পৰিচয়ৰ উত্থান, ধৰ্মনিৰপেক্ষ আৰু গিৰ্জাৰ প্ৰতিষ্ঠানৰ পনর্গঠন আদিৰ সৃষ্টি হৈছিল, যিবোৰ সাহিত্যৰ উপাদানলৈ পৰিবৰ্তন হৈছিল। মধ্যযুগ সাহিত্য আৰু সাংস্কৃতিক চেতনাই প্ৰকৃতাৰ্থত নৱজাগৰণৰ পথ প্ৰশস্ত কৰে।