মধুৰ ৰাতি
ৱাহিদ আহমেদ, কাটাৰ, ডোহা
১৬ জুলাইৰ নিশা
তোমাৰ বুকুত লিখিলোঁ
জীৱনৰ গান
তোমাৰ ওঁঠৰ পৰশত
দিলোঁ মোৰ সপোনবোৰ
তোমাৰ আঙুলিবোৰ চুই চাওঁতে
কোমল ভাৱনাবোৰে লৈ গৈছিল
ঠিকনাবিহীন এখন সাগৰলৈ
তুমি ভালপোৱা নীলা গভীৰতালৈ
মোৰ জীৱনৰ মধুৰ ৰাতি
তোমাৰ সতে কথা পাতি
ইমানেই শিহৰণ জাগিছিল
তোমাৰ অভিমানৰ খিৰিকী খুলি
মই চাই আছিলোঁ তোমাৰ চকুলৈ
তোমাৰ লাজবোৰে মোক
কিবা কৈছিল
মই পিছে তোমাৰ লাজবোৰক
অলপ সময় ৰ’বলৈ কৈছিলোঁ
মোৰ টোপনিবোৰ নোহোৱা হৈছিল
আৰু মই তোমাৰ কাষতে
বহি বহিয়েই পাৰ কৰি দিলোঁ ৰাতি
বাৰে বাৰে তোমাৰ গালত
কেতিয়াবা তোমাৰ ওঁঠত চুমা খাই আছিলোঁ
তুমি অনুভৱ কৰিব পাৰিছিলা নে
মোৰ হৃদয়খনে দিয়া
মৰমৰ স্পৰ্শবোৰ…
তুমি অহাৰ ৰাতিটো
তোমাৰ লগত কটোৱা সময়বোৰ
মোৰ হিয়াৰ মাজত অহৰহ ভাহি আছে
তুমি মোৰ জোনাক হৈ
জীৱন বাটত পোহৰ দিছা
তুমি মোৰ উশাহ হৈ
জীয়াই থকাৰ বাসনা দিছা
তুমি মোৰ এটি সপোন হৈ
বাস্তৱত আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছা
তুমি মোৰ জীৱন লগৰী
তুমিয়েই মোৰ জীৱনৰ অৰ্ধাংগিনী