মধুসুধন – অনামিকা (সংগীতা) কলিতা

মধুসুধন

অনামিকা (সংগীতা) কলিতা,শুৱালকুছি

শ্ৰীমদ্ ভাগৱতৰ দশম স্কন্ধে
বৰ্ণিত শ্লোকৰ ছন্দে ছন্দে
প্ৰেমৰ অমৃত নদী ,
ষোল্ল হাজাৰ গোপীৰ সঙ্গে কৰিলা ৰাস লীলা
জগতৰ মায়াক বান্ধি. |
নিস্বাৰ্থ প্ৰেমৰ হেতু
ভক্ত আৰু ভগৱানৰ মাজত বান্ধিলেক সেতু
হে প্ৰভু সনাতন তোমাৰ কৰুণা অপাৰ ,
জন্মিয়ে কৰিলা অসুৰ বধ
আঁতৰাই পিতৃ মাতৃৰ কৰুণ কাতৰ |
নন্দৰ ঘৰে পালিত শৈশৱৰ দুলাল
দেখুৱালা যশোদাক জগতৰ অভিমান,
তোমাৰ চৰণে ভাৰত পৰশে
মঠুৰা বৃন্দাবনৰ মাজে আজিও সুৰৰ ধ্বনী বাজে |
ধৰ্ম আৰু কৰ্ম সংস্কৃতিৰ মোৰ গাঁও
তোমাৰ লীলাৰ মৃন্ময় মূৰ্ত্তি সাজিলেক ধাম।
তুমিয়েতো কেশৱ কৃষ্ণ কৰুণা সিন্ধু ,
ত্ৰাহি জগন্নাথ অনাথ বন্ধু |