মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৫০ কোটিৰ প্ৰকল্প ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বৈষ্ণৱ ঐতিহ্যৰ সংৰক্ষণৰ লক্ষ্যৰে ভৰদৌলৰ দিনা বৃহত্তৰ বৰপেটা অঞ্চলৰ অন্তৰ্গত শ্ৰীশ্ৰীশংকৰদেৱ থান, পাটবাউসী সত্ৰ আৰু শ্ৰীশ্ৰীদেৱদামোদৰ গুৰুৰ আদিধাম, শ্রীশ্রীপাটবাউসী সত্রত ১১.১৪ কোটি টকা ব্যয়সাপেক্ষ ৰূপায়ণ কৰিবলগীয়া আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। লগতে মুখ্যমন্ত্রী ড° শৰ্মাই বৰপেটা ভ্রমণকালতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এবছৰ কাল অতিবাহিত কৰা চিনপৰা ভিঠিৰ থানত ৭.৩২ কোটি টকা ব্যয়সাপেক্ষ ৰূপায়ণ কৰিবলগীয়া আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰো শিলান্যাস কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই শিলান্যাস কৰা প্ৰকল্পটোৰ জৰিয়তে শ্ৰীশ্ৰী শংকৰদেৱ থান, পাটবাউসী সত্ৰৰ নামঘৰ আৰু মণিকূটৰ উন্নয়নৰ লগতে ভৱিষ্যতৰ বাবে ইয়াক সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই প্ৰকল্পত দৌল ঘৰ, জগমোহন ঘৰ, মঠ, কালিন্দী আইৰ ঘৰ, সংগ্ৰহালয়, পাটকুঁৱা, ভোজঘৰ, আলোচনা কক্ষ, ড’ৰমেটৰী, নিৰাপত্তাৰক্ষীৰ কেবিন, অনাময় ব্যৱস্থা আৰু খোৱাপানী, সীমাৰ বেৰৰ নিৰ্মাণৰ লগতে ঠাইখনৰ সেউজ প্রাকৃতিক পৰিৱেশ উন্নীতকৰণেৰে পকীপথ, বেঞ্চ আৰু লন এৰিয়াত পোহৰৰ ব্যৱস্থাৰে সৌন্দর্যবর্ধন সন্নিৱিষ্ট কৰা হৈছে। আনহাতে শ্ৰীশ্ৰীদেৱদামোদৰ গুৰুৰ আদিধামৰ উন্নয়ন প্রকল্পত নামঘৰ আৰু মণিকূটৰ উন্নয়ন, দৌলঘৰ আৰু জগমোহন ঘৰৰ উন্নয়ন, সম্মুখ আৰু পিছফালে দুখন প্ৰৱেশদ্বাৰ নিৰ্মাণ, বর্তমানে থকা অতিথিশালা, কমিউনিটী হল, প্রশিক্ষণ কেন্দ্ৰৰ উন্নয়নৰ লগতে সংগ্ৰহালয়, পাটকুঁৱা, মহিলাৰ বাবে জিৰণিকোঠা, নিৰাপত্তাৰক্ষীৰ কেবিন, অনাময় ব্যৱস্থা আৰু খোৱাপানীৰ ব্যৱস্থা নিৰ্মাণৰ উপৰি ঠাইখনৰ সেউজ প্রাকৃতিক পৰিৱেশ উন্নীতকৰণেৰে পকীপথ, বেঞ্চ আৰু লন এৰিয়াত পোহৰৰ ব্যৱস্থাৰে সৌন্দর্যবর্ধন সন্নিবিষ্ট কৰা হৈছে। তদুপৰি শ্ৰীশ্ৰীশংকৰদেৱ থানক শ্ৰীশ্ৰীদেৱদামোদৰ গুৰুৰ আদিধামৰ সৈতে সংযোগ কৰিবলৈ ২ মিটাৰ বহল এখন ফুট অভাৰব্ৰিজো নিৰ্মাণ কৰা হ’ব। সেইদৰে আনুমানিক ৮ বিঘা ১ লেচা ক্ষেত্রফল সামৰি চিনপৰা ভিঠি থানৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্পত কীৰ্তনঘৰ আৰু মণিকূটৰ উন্নয়ন সাধন কৰি ভৱিষ্যতৰ বাবে ইয়াক সংৰক্ষণৰ পদক্ষেপ গ্রহণ কৰা হৈছে। এই প্রকল্পত প্রবেশদ্বাৰ, বাটচ’ৰা, ৰংঘৰ, দৰ্শন ঘৰৰ উন্নয়নৰ লগতে – দৌল ঘৰ, জগমোহন ঘৰ, পাটকুঁৱা, ড’ৰমেটৰী, ভোজঘৰৰ সৈতে আহাৰ গ্ৰহণ কক্ষ আৰু মহিলাৰ বাবে জিৰণি কক্ষ নিৰ্মাণ কৰা হ’ব। তদুপৰি, এই প্রকল্পটোত আলোচনা কক্ষৰ পুনৰ নিৰ্মাণ, নিৰাপত্তাৰক্ষীৰ কেবিন, অনাময় ব্যৱস্থা আৰু খোৱাপানী, সীমাৰ বেৰৰ নিৰ্মাণৰ লগতে ঠাইখনৰ সেউজ প্রাকৃতিক পৰিৱেশ উন্নীতকৰণেৰে পকীপথ, বেঞ্চ আৰু লন এৰিয়াত পোহৰৰ ব্যৱস্থাৰে সৌন্দর্যবর্ধন আৰু দৰ্শনাৰ্থীসকলৰ বাবে গেজেব’ নির্মাণ সন্নিৱিষ্ট কৰা হৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ কর্মময় জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময়ছোৱা পাটবাউসীতে অতিবাহিত কৰি জীৱনৰ অমূল্য ৰচনাৱলী ইয়াতে সৃষ্টি কৰিছিল। মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ কিছুদিনৰ পিছতে বৰপেটা আৰু পাটবাউসী ভ্ৰমণৰ সময়ত অঞ্চলটোত গুৰুজনাৰ জীৱনৰ এটা ডাঙৰ অধ্যায়ৰ স্মৃতি বিজড়িত আপুৰুগীয়া সম্পদসমূহ নৱপ্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ উদ্দেশ্যে এটা প্রকল্প গ্ৰহণৰ কথা মই ঘোষণা কৰিছিলোঁ। সেই ঘোষণাৰ আধাৰতে শিলান্যাসৰ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে সদৰী কৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ জীৱনকাল বিভিন্ন স্থানত কটাইছিল। সেই স্থানসমূহত গুৰুজনাই কটোৱা সময়সহ সবিশেষ তথ্য ৰাজ্য চৰকাৰে ইতিমধ্যে সংগ্ৰহ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত সকলোবোৰ স্থান পর্যায়ক্রমে উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে। এই পৰিকল্পনাৰ আধাৰতে ইতিমধ্যে বৰদোৱাত এটা দৃষ্টিনন্দন প্রকল্প নির্মাণ কৰাৰ লগতে গাংমৌ থানৰো উন্নয়ন সাধন কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে প্রায় ৫০ কোটি টকা ব্যয়সাপেক্ষে মধুপুৰ সত্ৰৰো উন্নয়ন প্রকল্প ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব।ইয়াৰ পিছতে মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পালন কৰা শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ ভৰদৌলৰ দিনা বৰপেটা সত্রত উপস্থিত হয় মুখ্যমন্ত্রী ড° শৰ্মা। দৌল উৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অজস্ৰ পুৰুষ-মহিলাই সত্ৰৰ চৌহদত সৃষ্টি কৰা বিশাল জনসমুদ্ৰৰ সৈতে একাত্ম হৈ পৰে মুখ্যমন্ত্রী ড° শৰ্মা। অজস্ৰ লোকৰ ভিৰৰ মাজেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে মঠৰ চোতালত সেৱা জনাই ডেকাসত্ৰীয়া গৌতম পাঠকৰ আশিস গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ বৰপেটাৰ মূল কীৰ্তনঘৰত প্ৰৱেশ কৰি অক্ষয় বন্তি প্ৰত্যক্ষ কৰি কীৰ্তনঘৰৰ ভিতৰত গুৰু আসনৰ সন্মুখত সেৱা জনায়। তেওঁ কীৰ্তনঘৰৰ সন্মুখত হোলী গীতৰ দল এটাই পৰিৱেশন কৰি থকা হোলী গীততো কিছুসময় অংশগ্রহণ কৰি দলটোৰ সৈতে হোলী গীত গায়। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শৰ্মাই দৌল গৃহত আৰোহণ কৰি ক্ৰমে ‘দৌল গোবিন্দ’ আৰু ‘কলীয়া ঠাকুৰ’ৰ বিগ্ৰহৰ চৰণত ফাকুগুড়ি দি সেৱা জনায়। বৰপেটাৰ দৌল উৎসৱত এনে অনন্য দৃশ্য প্রত্যক্ষ কৰি অভিভূত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যালয়লৈ গৈ কিছুসময় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড° বাবুল চন্দ্র দাস, ডেকা সত্রীয়া এ গৌতম পাঠক আৰু সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষ্যত মুখ্যমন্ত্ৰীৰ সৈতে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ফণী তালুকদাৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সূদৰ্শন ঠাকুৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।