মদ বন্ধ হ’বনে? – সত্যজিৎ গগৈ

PC - Pune Mirror
মদ বন্ধ হ’বনে ?

সত্যজিৎ গগৈ, ডিব্ৰুগড়
মানৱ শৰীৰৰ বাবে মদ এবিধ ক্ষতিকাৰক দ্ৰব্য।এই কথা সকলোৱেই জানে।তথাপি বহু মানুহে মদৰ পৰা আঁতৰি থাকিব নোৱাৰে।মদে মানুহক দৈনিক কাষ চপাই লৈ যোৱা হে দেখিবলৈ পোৱা গৈছে।মানৱ জাতিৰ মাজত বিশেষকৈ অসমত যিমানেই মদাহীৰ সংখ্যা বাঢ়িছে।সিমানেই চৰকাৰেও মদৰ দোকানবোৰ বঢ়াই গৈছে।আগতে কেৱল নগৰ অঞ্চলতহে মদৰ দোকান দেখা গৈছিল।কিন্তু আজিৰ দিনত প্ৰতিটো অঞ্চলতে একোখনকৈ মদৰ দোকান থকা পৰিলক্ষিত হৈছে।এতিয়া আহিছোঁ মূল কথালৈ।চৰকাৰে মদ খোৱা আৰক্ষী সকলক মদ নাখাবলৈ সাৱধান বাণী দিছে।তদুপৰি মদাহী সকলক চাকৰি এৰি ঘৰতে থাকিবলৈও পৰামৰ্শ দিছে।মদ খোৱা আৰক্ষী আছে বাবেই হয়তু অসম আৰক্ষীয়ে বহু সময়ত চৰকাৰৰ ওচৰত জবাব বিহি হ’ব লগা হয়।হয়তু বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীনো হ’ব লগা হ’য়।এই ক্ষেত্ৰত সাধাৰণ নাগৰিক হিচাপে আমাৰো প্ৰশ্ন হয় যে চৰকাৰে মদ খাবলৈ বাধা দিয়াতকৈ মদৰ দোকান সমূহৰ সংখ্যা কিয় কমাবলৈ ব্যৱস্থা গ্ৰহণ নকৰে?মদৰ দোকানৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই খোৱা মানুহৰো সংখ্যা বাঢ়িছে।যদিহে মদৰ দোকানৰ সংখ্যা কমি যায়।তেতিয়া নিশ্চিতভাৱে খোৱা মানুহৰ সংখ্যাও কমিব।এতিয়া যি দেখিছোঁ যেন অসমে মদ খোৱাৰ নামতহে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ গৈছে।তথাপি এই ক্ষেত্ৰত চৰকাৰখন নিমাত।চৰকাৰে কেৱল নিজৰ সম্পত্তি বঢ়োৱাৰ বাদে সাধাৰণ জনতাৰ জীৱনৰ নিৰপত্তাৰ কথা ভাবিবলৈ সময়ে নাই।কি হ’বগৈ অসমৰ জনগণৰ জীৱন প্ৰণালী।সময় থাকোতেই চৰকাৰে মদৰ দোকানৰ সংখ্যা কমাই প্ৰতিখন জিলাতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰে।তেতিয়া মদৰ দোকানৰ পৰা পোৱা কৰ সেই উদ্যোগ সমূহৰ পৰাই পাব।আমি বিচাৰোঁ মানুহে মদক খাওক।কিন্তু মদে মানুহক খালেই সকলো শেষ হৈ যাব।সকলো শেষৰ পিচত চৰকাৰে যিমান যি কৰিলেও হেৰুওৱা সম্পদ ঘূৰাই পোৱা নাযাব।সময়ে আমাক সিকাই যায়।সেয়েহে যি কৰিব লাগে সময় থাকোতেই কৰা ভাল।