মদাৰখাত মেলেঙীয়াল গাঁওৰ নামঘৰত মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৪৭২ সংখ্যক তিথি পালন::বৰ্তমান মানুহৰ বাবে ধৰ্মতকৈ ধৰ্ম বাবেহে মানুহ বেছি আগ্ৰহী: উপাচাৰ্য ড০ জিতেন হাজৰিকা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱ, গোপালদেৱৰ পৰবৰ্তী ধৰ্মগুৰু,সমাজ সংস্কাৰক, সাহিত্যিক, গীতিকাৰ, মায়ামৰা ধৰ্ম প্ৰতিষ্ঠাপক শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৪৭২ সংখ্যক আৰ্বিভাৱ তিথি উপলক্ষে ৬ মে’ত মদাৰখাত মৌজাৰ মেলেঙীয়াল গাঁওৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ নামঘৰত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। গাওঁৰ গাঁওবুঢ়া কৰুণা গগৈয়ে ধৰ্মধ্বজা উত্তোলন কৰি তীৰ্থ হাজৰিকাই গুৰুলৈ সেৱা আগবঢ়াই বন্তি প্ৰজ্বলন কৰাৰ পাছতে শাস্ত্ৰ থাপনা কৰে ৰামেশ্বৰ হাজৰিকাই।সম্বিত দত্ত,খগেন দত্তই ভক্তিমঙ্গল ঘোষা পাঠ কৰাৰ লগতে শশধৰ দুৱৰাই ব্যাখ্যা আগবঢ়ায়। এই অনুষ্ঠানতে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিদ্যা দত্ত, জিলা সভাপতি চিলন্তু লাহনৰ লগতে উপস্থিত প্ৰায় আঠখন গাওঁৰ পৰা অহা গাঁওবুঢ়া, ভকত বৈষ্ণব সকলক সম্বৰ্ধনা জনোৱা হয়। শাস্ত্ৰ ব্যাখ্যাকাৰ তথা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ জিলা সম্পাদক ভবেন চেতিয়াই মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ মায়ামৰা সমাজ তথা অসমীয়া সমাজলৈ আগবঢ়াই থৈ যোৱা অৱদানৰ বিষয়ে আলোকপাত কৰে।আয়জক সমিতিৰ যাদৱ গগৈযে আঁতধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড০ জিতেন হাজৰিকাই অসমীয়া সমাজত বৰ্তমান মানুহৰ বাবে ধৰ্মতকৈ ধৰ্ম বাবেহে মানুহ হিচাপে গন্য কৰা দেখা বুলি গুৰুৎপূৰ্ণ বক্তব্য প্ৰদান কৰা লগতে বৰ্তমান মহাপুৰুষ জনাৰ আদৰ্শ কৰ্মক একাংশ লোকে নিজৰ স্বাৰ্থ বাবে ব্যবহাৰ কৰি কলুষিত কৰা বুলিও কয় ।এই অনুষ্ঠানতে আন এগৰাকী বিশিষ্ট ব্যক্তি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীয়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে আজিৰ পৰা চাৰিশ বছৰৰ পূৰ্বে কবি সাহিত্যিক, গীতিকাৰ,ধৰ্ম প্ৰচাৰক তথা সমাজ সংস্কাৰক অনিৰুদ্ধদেৱ শ্ৰেণী বৈষম্য হীন এখন সমাজ প্ৰতিষ্ঠাৰ বাবে কিদৰে নিজকে উচ্চৰ্গা কৰিছিল সেই সম্পৰ্কে তথ্য সহকাৰে ব্যক্ত কৰে। গাঁও খনৰ মহিলা সকলে অনিৰুদ্ধদেৱৰ গীত আৰু অপ্সৰা গগৈয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।মদাৰখাত সন্মিলিত গায়ন বায়ন দলে বৰ ধেমালি আৰু অনিৰুদ্ধদেৱ ৰচিত গীতৰ গায়ন বায়ন পৰিবেশন কৰে।সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ মদাৰখাত উত্তৰ পূব আঞ্চলিক সমিতিৰ সভাপতি প্ৰবীণ দত্ত আৰু সম্পাদক বাবুল ফুকনে আগন্তুক ২০২৬ বৰ্ষত মদাৰখাত গোহাঁই গাঁওত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ আবিৰ্ভাৱ তিথি অনুষ্ঠিত কৰাৰ বাবে সমজুৱাকৈ ধৰ্মধ্বজা অৰ্পন কৰে। সমজুৱা সেৱা আৰু প্ৰসাদ গ্ৰহণৰ পাছত নামঘৰ চৌহদ আৰু গাওঁৰ প্ৰতি ঘৰৰ পদুলিত বন্তি প্ৰজ্বলন কৰি গুৰুজনালৈ সেৱা জনাই অনুষ্ঠান সমৰা হয়।