মদন শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ অনাতাঁৰ মৰম পৰিয়ালৰ

মদন শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ অনাতাঁৰ মৰম পৰিয়ালৰ

বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী মুদৈবিল-নৱৰতনপুৰ গাঁৱৰ সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক, অনাতাঁৰৰ পুৰণি তথা নিয়মীয়া শ্ৰোতা মদন শইকীয়াৰ যোৱা নিশা ১১.৪০ বজাত নিজা বাসভৱনত মৃত্যু হয়। বৃহত্তৰ মুদৈবিল অঞ্চলৰ বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত শইকীয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল  ৭৯ বছৰ ।  মৃত্যুৰ সময়ত দুজন পুত্ৰ আৰু বোৱাৰী ,  এগৰাকী কন্যাৰ লগতে নাতি-নাতিনী আৰু পৰিয়ালৰ বহু লোকক ইহ সংসাৰত এৰি থৈ গৈছে । তেখেতৰ মৃত্যুত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্ৰোতা সংঘ “অনাতাঁৰ মৰম পৰিয়াল”ৰ লগতে স্থানীয় বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ।