মণিপুৰ কাণ্ডৰ তীব্ৰ বিৰোধিতাৰে দৰং মহিলা কংগ্ৰেছৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

মণিপুৰ কাণ্ডৰ তীব্ৰ বিৰোধিতাৰে দৰং মহিলা কংগ্ৰেছৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  মণিপুৰত মহিলাৰ ওপৰত হোৱা অত্যাচাৰ আৰু সভ্য সমাজক লজ্জিত কৰা কাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনাই দৰং মহিলা কংগ্ৰেছে। দৰং মহিলা কংগ্ৰেছৰ নেতৃত্বত যোৱাকালি শতাধিক মহিলাই জিলাখনৰ ধূলাৰ সমীপৰ চৰকাৰ চ’কত বিক্ষোভ প্ৰদৰ্শন কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অচল কৰি দিয়ে। মূলত মণিপুৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লীপ্ততাৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি শাসনৰ দাবী তোলে প্ৰতিবাদী সকলে। মহিলাৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, মহিলাৰ সুৰক্ষা নিশ্চিত কৰক, মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। দৰং মহিলা কংগ্ৰেছৰ নেতৃবৰ্গই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি মহিলাৰ সুৰক্ষা নিশ্চিত কৰণৰ বাবে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব লগীয়া হৈছে।