মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ হাতত নিজৰ পদত্যাগ-পত্র দাখিল কৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। পদত্যাগ-পত্র দাখিল কৰাৰ সময়ত এন বীৰেন সিঙৰ সৈতে উপস্থিত আছিল বিজেপিৰ নেতা সম্বিত পাত্রও। বিগত ডেৰ বছৰতকৈ অধিক সময় ধৰি গোষ্ঠী হিংসাত উত্তপ্ত হৈ আছে উত্তৰ-পূবৰ ৰাজ্যখন। কেইবাশও লোকৰ মৃত্যু হৈছে ৰাজ্যখনত। ইফালে গৃহহীন হৈছে কেইবাহাজাৰো লোক। ইয়াৰ ফলত অভিযোগৰ আঙুলি উঠিছিল মণিপুৰৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্রী এন বীৰেন সিঙৰ বিৰুদ্ধে। একাধিকবাৰ বীৰেন সিঙৰ পদত্যাগ দাবী কৰিছিল বিৰোধী দলবোৰে।উল্লেখযোগ্য যে পদত্যাগ কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে । ইয়াৰ পিছতে ইম্ফললৈ উভতি ৰাজ্যপালৰ হাতত পদত্যাগ-পত্র জমা দিয়ে। পদত্যাগ-পত্ৰত বীৰেন সিঙে লিখিছে যে দীৰ্ঘদিন ধৰি মণিপুৰৰ মানুহৰ সেৱা কৰিবলৈ পোৱাটো তেওঁৰ বাবে আছিল সন্মানৰ বিষয়। মণিপুৰবাসীৰ স্বাৰ্থত সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰা আৰু বিভিন্ন উন্নয়নমূলক আঁচনি বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতাও প্রকাশ কৰে বীৰেন সিঙে। ২০২৪ চনৰ অন্তিম দিনা মণিপুৰৰ ৰক্তক্ষয়ী হিংসাৰ বাবে ৰাজ্যখনৰ নাগৰিকসকলৰ ওচৰত ক্ষমা বিচাৰিছিল বীৰেন সিঙে। ইম্ফলৰ এক সংবাদ মেলত তেওঁ কৈছিল- ‘সমগ্ৰ বছৰটো দুর্ভাগ্যজনক আছিল আমাৰ বাবে। যোৱা বছৰৰ ৩ মে’ৰ পৰা ৰাজ্যখনত যি ঘটনা ঘটি আছে তাৰ বাবে সাধাৰণ মানুহৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। বহুতেই প্রিয়জনক হেৰুৱাইছে। বহুতেই হেৰুৱাবলগীয়া হৈছে ঘৰ। মই অনুতপ্ত। মই ক্ষমা বিচাৰোঁ। কিন্তু যোৱা ৩-৪ মাহৰ শান্তি পৰিস্থিতি দেখি মই আশা কৰিছোঁ ২০২৫ৰ ভিতৰত ৰাজ্যখনলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব।’