মণিপুৰৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুম পথত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত

pc- onmanorama

মণিপুৰৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুম পথত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত

ৰঙিলী বাৰ্ত্তাসেৱা-  বুধবাৰে মণিপুৰৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুম পথত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। য়াৰিপকৰ থামবালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণলৈ যোৱা দুখন বাছৰ এখন দুৰ্ঘটনাত পতিত হয়।দুৰ্ঘটনাত কেইবাগৰাকীও ছাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে বাছখন।খাওপুম উপত্যকালৈ শিক্ষামূলক ভ্ৰমণলৈ গৈছিল ছাত্ৰীসকল। দুৰ্ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। বিশেষ সূত্ৰযোগে জানিব পোৱা অনুসৰি উক্ত দুৰ্ঘটনাত যোৱা শিক্ষাৰ্থীৰ দলটোৰ প্ৰায় ১৫ গৰাকীতকৈ অধিক ছাত্রী নিহত হৈছে। লগতে এই দুৰ্ঘটনাত আন কেইবাগৰাকীও ছাত্রী গুৰুতৰভাৱে আহত হৈছে।