মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গোষ্ঠীগত সংঘর্ষত পীড়িত মণিপুৰৰ চূড়াচান্দপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সংঘর্ষত অশান্ত হৈ পৰা মণিপুৰত বিগত তিনি বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভ্রমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৭,৩০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মণিপুৰৰ বিকাশৰ যাত্ৰাক আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহুতো আঁচনি গ্ৰহণ কৰাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ হিংসাক লৈও তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়। আধাৰশিলা স্থাপন কৰাৰ পাছত বিশাল ৰাজহুৱা সমাৱেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- মণিপুৰ ভাৰতৰ প্ৰগতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ। মণিপুৰৰ ভূমি সাহস, বীৰত্ব আৰু সিদ্ধান্তৰ ভূমি। পাহাৰেৰে প্ৰকৃতিৰ অমূল্য উপহাৰ লাভ কৰা মণিপুৰ হৈছে কঠোৰ শ্ৰমৰ প্ৰতীক। মণিপুৰবাসীৰ উদ্যমক ছেল্যুট। প্ৰবল বৰষুণক নেওচিও বিশাল জনসমাবেশলৈ আহিছে। আপোনালোকৰ এই ভালপোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। বৰষুণৰ বাবে হেলিকপ্টাৰেৰে মই আহিব নোৱাৰিলোঁ। গতিকে পথেৰে অহাৰ সিদ্ধান্ত ল’লোঁ। যিয়ে মোক পথৰ দৃশ্য প্রত্যক্ষ কৰাত সহায় কৰিলে, তাৰ বাবে ভগৱানক ধন্যবাদ জনাইছোঁ। যুৱৰ পৰা বয়োজ্যেষ্ঠলৈকে হাতত ত্রিৰংগা লৈ থকা দেখিছোঁ। এই দৃশ্য মই কেতিয়াও পাহৰিব নোৱাৰিম। তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়-কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ বিকাশৰ যাত্ৰা আগবঢ়াই নিবলৈ অহোপুৰুষাৰ্থ কৰি আছে। এই উদ্যমেৰেই মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ। কিছু সময়ৰ পূৰ্বেই মই ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছোঁ। এই প্রকল্পই মণিপুৰৰ জনতাৰ জীৱন উন্নীত কৰিব। আমাৰ জনজাতীয় সম্প্রদায়ক উন্নীত কৰিব। আনপিনে মণিপুৰৰ নামৰ আগত মণি বুলি উল্লেখ কৰি এই মণিয়েই সমগ্ৰ উত্তৰ-পূবক ভৱিষ্যতে উজলাই তুলিব বুলি কয় প্রধানমন্ত্রী মোদীয়ে। অপাৰেচন সিন্দূৰত মণিপুৰে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি উল্লেখ কৰি এই অপাৰেচনৰ সময়ত শ্বহীদ হোৱা বিএছএফৰ কনিষ্টবল দীপক ছিংগামখামক শ্রদ্ধাঞ্জলি জনায় প্রধানমন্ত্রী মোদীয়ে। ২১ শতিকা উত্তৰ-পূবৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনৰ পূৰ্বে মণিপুৰৰ উন্নয়নৰ হাৰ এক শতাংশতকৈও কম আছিল বুলি বিৰোধীক পৰোক্ষভাৱে সমালোচনা কৰে। আনপিনে মণিপুৰত যিধৰণৰ হিংসা হৈছে, সেয়া দুর্ভাগ্যজনক বুলি আখ্যা দি প্রধানমন্ত্রী মোদীয়ে কয়- এই হিংসা আমাৰ পূৰ্বপুৰুষ আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে বিৰাট অন্যায়। গতিকে আমি মণিপুৰক শান্তি আৰু বিকাশৰ পথেৰে একেলগে আগবঢ়াই নিব লাগিব। ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মণিপুৰৰ অৱদানে দেশবাসীক অনুপ্রাণিত কৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়- এই মণিপুৰতেই প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকা ভাৰতীয় সেনা বাহিনীয়ে উত্তোলন কৰিছিল। নেতাজী সুভাষ চন্দ্ৰ বসুৱে মণিপুৰক ভাৰতৰ স্বাধীনতাৰ দুৱাৰমুখ বুলি অভিহিত কৰিছে। এই ভূমিয়ে বহুতো অসাধাৰণ ত্যাগ স্বীকাৰ কৰা মহান ব্যক্তিক জন্ম দিছে। ইপিনে প্রধানমন্ত্রী মোদীয়ে গোষ্ঠী সংঘৰ্ষত নিপীড়িত লোকৰ সৈতেও বাৰ্তালাপ কৰে। মোদী আৰু কেন্দ্ৰীয় চৰকাৰ তেওঁলোকৰ সৈতে আছে বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিপীড়িত পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি আৱেগিক হৈ পৰে প্রধানমন্ত্রী মোদী। মণিপুৰ অবিহনে ভাৰতৰ সংস্কৃতি সম্পূৰ্ণ নহয় বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে উগ্রপন্থী সংগঠনসমূহক শান্তিৰ পথত আহিবলৈ আহ্বান জনায়। সন্তানৰ ভৱিষ্যৎ নিৰাপদ কৰিবলৈ উগ্রপন্থী সংগঠনসমূহ মূলসুঁতিলৈ আহিব লাগে বুলি আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে।