মণিপুৰৰ ঘটনা সন্দৰ্ভত বিক্ষোভ এআইডিএছঅ’ৰ

মণিপুৰৰ ঘটনা সন্দৰ্ভত বিক্ষোভ এআইডিএছঅ’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অল ইণ্ডিয়া এম এছ এছ, যুৱ সংগঠন অল ইণ্ডিয়া ডি ৱাই অ, আৰু ছাত্ৰ সংগঠন এ আই ডি এছ অ’ৰ যৌথ উদ্যোগত গুৱাহাটী মহানগৰীৰ উলুবাৰীত এক বিক্ষোভ কাৰ্যসূচীৰ লগতে এক প্ৰতিবাদী সমদল উলিওৱা হয়।বিগত প্ৰায় তিনি মাহ ধৰি চলি থকা বিজেপি পৰিচালিত কেন্দ্ৰীয় আৰু মণিপুৰৰ ৰাজ্যিক চৰকাৰৰ পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ আৰু মদতত সৃষ্ট মণিপুৰৰ ভয়াবহ গোষ্ঠী সংঘৰ্ষ, হত্যা-হিংসা-অগ্নি সংযোগেৰে জ্বলন্ত মণিপুৰত অবিলম্বে শান্তি-শৃঙ্খলা অনা আৰু গোষ্ঠী-সংঘৰ্ষৰ মাজতে মহিলাক দলবদ্ধ ধৰ্ষণ তথা বিবস্ত্ৰ কৰি মহিলাক ৰাস্তাৰে পেৰেড কৰোৱা পৈশাচিক কাৰ্যত যুক্ত অপৰাধী সকলক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰাৰ দাবীত সংগঠিত এই বিক্ষোভ কাৰ্যসূচীত নেতৃত্ব দিয়াৰ লগতে বিক্ষোভ স্থলীত সংগঠিত সভাত বক্তব্য ৰাখে এ আই এম এছ এছৰ পক্ষৰ পৰা ৰাজ্যিক সহ সম্পাদিকা শ্ৰী স্বৰ্ণলতা চলিহা, এ আই ডি ৱাই অ’ৰ ৰাজ্যিক উপ সভাপতি জিতেন্দ্ৰ চলিহা আৰু এ আই ডি এছ অ’ৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বোল দেৱে।