মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ আঁৰত বিদেশী শক্তি জড়িত আছে বুলি তাৎপর্যপূর্ণ মন্তব্য আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ

মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ আঁৰত বিদেশী শক্তি জড়িত আছে বুলি তাৎপর্যপূর্ণ মন্তব্য আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, চমুকৈ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ আঁৰত বিদেশী শক্তি জড়িত আছে বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ।নাগপুৰত আয়োজিত আৰ এছ এছৰ দশেৰা সমাৱেশ সম্বোধন কৰি মুৰব্বী ভাগৱতে কয় যে মণিপুৰৰ লেখীয়া গোষ্ঠীগত সংঘৰ্ষৰ পৰা বিদেশী শক্তি লাভৱান্বিত হয়। বিগত কেইবামাহ ধৰি উত্তৰ- পূবৰ ৰাজ্যখনত গোষ্ঠীগত সংঘৰ্ষত উচটনি দি বিদেশী শক্তিয়ে এই লাভৱান্বিত হোৱাৰ ষড়যন্ত্ৰ কৰিছিল। সীমান্তৱৰ্তী ৰাজ্যখনত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকসকলে বিগত দশক দশক ধৰি শান্তিপূর্ণভাৱে বসবাস কৰি থকাৰ পিছত হঠাতে গোষ্ঠীগত সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰে। সেয়ে এই ভয়াৱহ গোষ্ঠীগত সংঘৰ্ষৰ আঁৰত বিদেশী শক্তি জড়িত হৈ আছে। মণিপুৰৰ সংঘৰ্ষ স্বয়ংক্রিয়ভাৱে হোৱা নাছিল ৷ ইয়াক সংঘটিত কৰা হৈছিল। সম্প্ৰতি ৰাজ্যখনলৈ শান্তি উভতি অহাৰ আশা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত পুনৰ দুটা সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰাৰ সম্ভাৱনা নথকা নহয়। আৰ এছ এছৰ কৰ্মীসকলে ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে অহৰহ কাম কৰি আছে। ইপিনে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুৰব্বী ভাগৱতে কয় যে নিৰ্বাচনৰ আগমুহূৰ্তত আৱেগিক ধাৰণাক উৎসাহিত কৰি কিছুসংখ্যক ৰাজনৈতিক দলে ভোট লাভৰ প্ৰয়াস চলাইছে। ইয়াৰ পৰা দেশবাসী সাৱধান হোৱা উচিত। দেশবাসীয়ে এনে দলক ভোট প্রদানৰ বাবে বিবেচনা কৰিব লাগে। যি দলে দেশৰ ঐক্য, সংহতি, ঐতিহ্য পৰিচয় আৰু বিকাশৰ ওপৰত অধিক গুৰুত্ব দিয়ে। আনপিনে, সাংস্কৃতিক মার্ক্সবাদীয়ে সমাজত নৈৰাজ্যবাদ, বিশৃংখলা আৰু দুৰ্নীতি প্ৰচাৰত আগভাগ লৈ আছে বুলিও কয় ভাগৱতে।