মণিপুৰৰ আশ্ৰয় শিবিৰত থকা লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- এছ ইউ চি আই (চি)ৰ অসম ৰাজ্যিক কমিটীয়ে সংঘৰ্ষ জৰ্জৰিত মণিপুৰৰ ৰিলিফ কেম্পসমূহত আশ্ৰয় লৈ থকা জনসাধাৰণ বিভিন্ন ধৰণৰ বেমাৰত ভুগি থকাৰ বাতৰিৰ পৰিপ্ৰেক্ষিতত ডা: চিত্ৰলেখা দাসৰ নেতৃত্বত এটা তিনিজনীয়া দলে প্ৰয়োজনীয় ঔষধ সহ বিভিন্ন সামগ্ৰী লৈ ইম্ফললৈ যাত্ৰা কৰিছে আৰু দলৰ তাৰ সদস্যসমূহৰ সহযোগত কেম্পবিলাকত চিকিৎসা কৰাৰ লগতে ঔষধ বিতৰণ কৰিব। অসমৰ জনসাধাৰণে মণিপুৰৰ এই কঠিন সময়ত এছ ইউ চি আই (চি)ৰ সংগ্ৰামী পুঁজিলৈ দান-বৰঙণি দিয়া হেতুকে এই কেম্প চলোৱা সম্ভৱ হৈছে আৰু তাৰ বাবে এছ ইউ চি আই (চি)ৰ ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে অসমৰ জনসাধাৰণক সংগ্ৰামী অভিনন্দন জনাইছে৷