মণিপুৰলৈ দিল্লীয়ে পঠিয়াব সশস্ত্র বাহিনীৰ ৫০ কোম্পানী
ৰঙিলী বাৰ্ত্তাসেৱা- গোষ্ঠীগত সংঘৰ্ষৰ সমান্তৰালকৈ প্ৰতিবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘাতে মণিপুৰ উত্তপ্ত কৰি ৰাখিছে। ৰাজ্যখনত প্রান্তে প্রান্তে গোষ্ঠীগত সংঘর্ষই উত্তপ্ত কৰি তোলাৰ পিছত কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। মণিপুৰৰ অশান্ত পৰিস্থিতিক লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ নৰ্থ ব্লকত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। মণিপুৰৰ সমগ্ৰ পৰিস্থিতিৰ বিতং আলোচনাৰ অন্তত ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ বাবে অর্ধসামৰিক বাহিনীক নিৰ্দেশ দিছে। তদুপৰি বৈঠকত ৰাজ্যখনৰ নিৰাপত্তাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ অন্তত ৫০টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী প্ৰেৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে। ইতিমধ্যে এই ৫০টা কোম্পানীক মণিপুৰলৈ ৰাওনা হ’বৰ বাবে নির্দেশ দিয়া হৈছে। এটা কোম্পানীত ৫ হাজাৰতকৈ অধিক জোৱান থাকে। মন কৰিবলগীয়া যে ৰাজ্যখনৰ শান্তি ঘূৰাই অনাৰ বাবে সকলো নিৰাপত্তা বাহিনী বিশেষভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। ইপিনে, প্রতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্রতিবাদী যুৱক নিহত হৈছে। ক্ষোভিত প্রতিবাদীক নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত এজন প্রতিবাদী যুৱক নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰতিবাদকাৰীয়ে কেইবাজনো নেতাৰ গৃহ আৰু ৰাজনৈতিক দলৰ কাৰ্যালয়ত আক্ৰমণ কৰিবলৈ চেষ্টা চলাওঁতে নিৰাপত্তা বাহিনীয়ে বাধা প্রদান কৰে। জিৰিবাম আৰক্ষী থানাৰ অন্তৰ্গত কেইবাটাও অঞ্চলত প্রতিবাদকাৰীয়ে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে নেতাৰ বাসগৃহত আক্ৰমণ কৰি অগ্নিসংযোগ কৰে। এই কাৰ্য প্ৰতিৰোধ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত এজন যুৱক নিহত হৈছে। উল্লেখ্য যে শনিবাৰে দুগৰাকী মন্ত্ৰী আৰু তিনিজন বিধায়কৰ বাসগৃহত প্রতিবাদকাৰীয়ে আক্রমণ চলাইছিল। দেওবাৰেও তেনে প্রচেষ্টা চলাওঁতে প্রতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘাত হয়। লক্ষণীয় যে সন্দেহযুক্ত কুকি উগ্রপন্থীয়ে মেইটেই পৰিয়ালৰ সদস্য এটাক অপহৰণ কৰি নি হত্যা কৰাৰ পিছতে ৰাজ্যখনত পুনৰ গোষ্ঠীগত সংঘৰ্ষই গা কৰি উঠিছে। মেইটেই পৰিয়ালৰ ৩ মহিলা আৰু ৩ শিশুসহ মুঠ ৬জনক অপহৰণ কৰি নি কুকি উগ্রপন্থীয়ে হত্যা কৰে। এই মেইটেই পৰিয়ালৰ মৃতদেহকেইটা জিৰিবাম জিলাৰ নদী এখনত উদ্ধাৰৰ পিছতে পৰিস্থিতি জটিল হৈ পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ পূর্বেই ইতিমধ্যে ৰাজ্যখনত সংঘটিত তিনিটা গোচৰ ‘নিয়া’লৈ হস্তান্তৰ কৰা হৈছে। এই তিনিটা গোচৰ নিয়াই তদন্ত চলাব। গোচৰ তিনিটাৰ ভিতৰত আছে চিআৰপিএফ আৰু কুকি উগ্রপন্থীৰ মাজত জিৰিবামত সংঘটিত সংঘর্ষত ১০ কুকি উগ্রপন্থী নিহত হোৱা গোচৰ। এনেদৰে কুকি উগ্ৰপন্থীৰ দ্বাৰা অপহৃত মেইটেই পৰিয়ালৰ ৬ সদস্যৰ হত্যাৰ গোচৰটোও ‘নিয়া’ই তদন্ত কৰিব।