মণিপুৰত সেনা আৰু উগ্ৰপন্থীৰ মাজৰ সংঘর্ষত ১০ উগ্রপন্থী নিহত

মণিপুৰত সেনা আৰু উগ্ৰপন্থীৰ মাজৰ সংঘর্ষত ১০ উগ্রপন্থী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত-ম্যানমাৰ সীমান্তত মণিপুৰৰ চান্দেল জিলাত ভাৰতীয় সেনা আৰু উগ্ৰপন্থীৰ মাজত হোৱা তুমুল সংঘর্ষত অতি কমেও ১০জন উগ্রপন্থী নিহত হৈছে। সেনাই প্রকাশ কৰা মতে, চান্দেল জিলাত গোপন সূত্ৰৰ পম খেদি আছাম ৰাইফলছে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলায়। জিলাখনৰ নিউ চামতল গাঁৱত সশস্ত্র উগ্ৰপন্থীয়ে বিচৰণ কৰি থকাৰ তথ্য লাভ কৰি আছাম ৰাইফলছৰ দল এটাই অভিযান চলাওঁতে দলটোক লক্ষ্য কৰি উগ্ৰপন্থীয়ে গুলীচালনা কৰে। প্ৰত্যুত্তৰত অভিযানকাৰী সেনাৰ দলটোৱেও গুলীচালনা কৰাত সেনাৰ গুলীত অতি কমেও ১০জন উগ্রপন্থী নিহত হয়। সেনাৰ ইষ্টার্ন কমাণ্ডে সামাজিক মাধ্যমত প্রকাশ কৰা মতে, আছাম ৰাইফলছে ভাৰত-ম্যানমাৰ সীমান্তৰ নিউ চামতল গাঁৱতঅভিযান চলাই এই সফলতা লাভ কৰে। ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্রও জব্দ কৰা হৈছে। সেনাই প্রকাশ কৰা মতে, সমগ্র অঞ্চলটোত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।