মণিপুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- মণিপুৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। মণিপুৰৰ টুপিল ৰে’লৱে ষ্টেচনৰ সমীপত হোৱা ভয়াৱহ ভুমিস্খলনত ১৯ জনক জীৱন্তে উদ্ধাৰ কৰিলেও সন্ধানহীন হৈ আছে কেইবাজনো ।৭ জনলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়ালৈ ৬২ জনলোক ভূমিস্খলনত নিহত হৈছে । ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল গোটৰ টুপিল ৰে’ল ষ্টেচনৰ সমীপত পুৱতি নিশা ভয়ানক ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয় । উক্ত ঘটনাত কেইবাজনো লোক নিৰুদেশ হৈ আছে । মণিপুৰৰ জিৰিবাম ৰে’ল ষ্টেচন লাইনৰ পুনৰ নিৰ্মাণকাৰ্যৰ সংৰক্ষণৰ বাবে দায়িত্বত থকা সেনাৰ দলটো কথমপি ৰক্ষা পৰে । ইতিমধ্যে ভাৰতীয় সেনাবাহিনী আৰু অসম ৰাইফলছৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্যত নিয়োজিত হৈ পৰিছে । আনহাতে, ভূমিস্খলনত আহত জোৱান আৰু অন্য লোকসকলক ননয় সেনাৰ চিকিৎসা দলে তাৎক্ষণিকভাৱে সেনাৰ চিকিৎসা শিবিৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । সেনাৰ তৃতীয় ক’ৰৰ ডিমাপুৰৰ মুখপাত্ৰই জনোৱা মতে, পুৱাৰ সময়ত কেইবাবাৰো ভুমিস্খলন হোৱাৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধাৰ সৃষ্টি হয় । ইফালে সেনাৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰৰ বাবে সাজু কৰি ৰখা বুলি জানিবলৈ দিছে ।