মণিপুৰত দুটা আইইডি বিস্ফোৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- ভয়ংকৰ বিস্ফোৰণত পুনৰ কঁপি উঠিল মণিপুৰ। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ এটা মেইটেই পৰিয়ালৰ পৰিত্যক্ত ঘৰ এটাৰ ওচৰত স্থাপন কৰা আইইডি বিস্ফোৰণ ঘটি ভাগত দুজন লোক আহত হয়। গঞাই প্ৰকাশ কৰা মতে, পুৱা ৫-৬ বজাৰ ভিতৰত বিস্ফোৰণতো সংঘটিত হয়। ইপিনে, আন এটা বিস্ফোৰণ সংঘটিত হয় বিষ্ণুপুৰৰ চেইটন গাঁৱৰ ঘৰটোৰ পৰা ২০০ মিটাৰ নিলগত।জানিব পৰা মতে, এই ঘটনাত এগৰাকী মহিলা আৰু এজন লোক আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে তেওঁলোকক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। এই আক্ৰমণ কেৱল বোমা বিস্ফোৰণ নাছিল, বৰঞ্চ আতংক বিয়পোৱাৰ ইচ্ছাকৃত প্ৰচেষ্টা আছিল। মণিপুৰৰ বিষ্ণুপুৰ জিলাত বিশেষকৈ মেইটেই সম্প্ৰদায়ৰ লোকসকলে বাস কৰে। গাঁওখনত মোতায়েন কৰা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ লোকৰ আগত গঞাই প্রকাশ কৰা মতে, বিস্ফোৰণ দুটা এটাৰ পিছত এটাকৈ সংঘটিত হৈছিল। আহত লোক দুজন ছৈবাম ছানাটোম্বা সিং আৰু নংথোম্বাম ইন্দুবালা দেৱী বুলি চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সূত্ৰ অনুসৰি জানিব পৰা মতে, এই বিস্ফোৰণ পুৱা প্ৰায় ৫.৩০ মান বজাত সংঘটিত হয়। ঘটনাৰ পাছতে অঞ্চলটোৰ লোকসকল একত্ৰিত হয়। তেওঁলোকে সন্দেহ কৰে যে এই কাণ্ড বিষ্ণুপুৰ সীমান্তৱৰ্তী কুকি অধ্যুষিত চুৰাচান্দপুৰ জিলাৰ কোনো দুৰ্বৃত্তই কৰিছে।এই ঘটনাক তীব্ৰ গৰিহনা দিছে চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱা কুকি জো কাউন্সিলে। তেওঁলোকে সকলোকে নিৰাপত্তা বজাই ৰাখিবলৈ আহ্বান জনায়। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
