মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ

মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ::মুখ্যমন্ত্ৰীলৈ ১২ দফীয়া দাবী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ খিলঞ্জীয়া মটক জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত মটক জনগোষ্ঠীৰ পাঁচ সংগঠনে ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত আজি(২৭ আগষ্ট) সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ আৰু সদৌ অসম মটক ছাত্র সন্থাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মটক জনগোষ্ঠীক জনজাতিকৰণৰ  মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহাৰ পিছত বিজেপি নেতৃত্বাধীন চৰকাৰে আজিলৈকে সেই প্ৰতিশ্ৰুতি পালন নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে। ইফালে  মটক জনগোষ্ঠীৰ পাঁচ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্ততঃ মুখ্যমন্ত্ৰীলৈ এখন ১২ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনত মটক জনগোষ্ঠীক অনতিপলমে জনজাতিকৰণৰ উপৰি মটক জনগোষ্ঠীক পূৰ্ণ স্বায়ত্ব শাসন প্ৰদানেৰে এখন পূৰ্ণাংগ মটক স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা,ডিব্ৰুগড়ত কৃত্ৰিম বান সমস্যা সমাধান কৰা, হিন্দু আৰু মুছলমান বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰিব নোৱাৰাকৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা, চৰকাৰৰ নিগম-নিকায়ত মটক জনগোষ্ঠীৰ যোগ্য ব্যক্তিক অগ্ৰাধিকাৰ দিয়া, মটক ৰজা সৰ্বানন্দ সিংহ দিৱসত ৰাজ্যিক বন্ধ ঘোষণা কৰা আদিৰ উপৰি আন কেতবোৰ দাবী উল্লেখ কৰিছে স্মাৰক পত্ৰত।