মঞ্চৰ পৰাই জুবিন গাৰ্গক স্মৰণ প’ষ্ট মেলনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- শীতৰ সেমেকা সন্ধিয়া বিশ্বখ্যাত ৰেপাৰ-পপ ষ্টাৰ প’ষ্ট মেলনৰ যাদুকৰী কণ্ঠৰ সুৰৰ মায়াজালত বন্দী হ’ল গুৱাহাটী মহানগৰী। পপ ষ্টাৰ প’ষ্ট মেলনৰ যাদুকৰী কণ্ঠৰ সুৰৰ মায়াজালত বন্দী হ’ল হাজাৰ হাজাৰ অনুৰাগী।খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিশা ৮ বজাৰ পৰা সংগীতানুষ্ঠান পৰিৱেশন কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেপাৰ প’ষ্ট মেলনে হৃদয় জয় কৰিলে হাজাৰ হাজাৰ দৰ্শকৰ । খানাপাৰাৰ খেলপথাৰৰ অস্থায়ী মঞ্চত এটি-দুটিকৈ কেইবাটাও জনপ্রিয় পশ্চিমীয়া সংগীত পৰিৱেশন কৰি প’ষ্ট মেলনে অসম তথা সমগ্ৰ উত্তৰ-পূববাসীক সোৱাদ দিলে পপ-ৰেপ সংগীতৰ, সকলোৱে উপভোগ কৰিলে সংগীতৰ আন এক ধাৰা- পাশ্চাত্য সংগীতৰ কনচাৰ্ট। অজস্ৰ অনুৰাগীৰ হর্ষোল্লাস, আনন্দ-উৎসাহৰ মাজত প’ষ্ট মেলনে পৰিৱেশন কৰে তেওঁৰ কেইবাটাও জনপ্রিয় গীত। অসম, উত্তৰ-পূবৰ সকলোকেইখন ৰাজ্যৰ লগতে বহু দেশী-বিদেশী ২৫ হাজাৰৰো অধিক সংগীত অনুৰাগীক প’ষ্ট মেলনে পৰিৱেশন কৰা সংগীতৰ মায়াজাল, আৱহ সংগীতৰ শব্দৰ উচ্ছ্বল তৰংগই আলোড়িত কৰি ৰাখে।

অনুষ্ঠান পৰিৱেশনৰ মাজতে ৰেপাৰ-পপ ষ্টাৰ প’ষ্ট মেলনে অসম তথা অসমীয়াৰ হার্টথ্র’ব, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম স্মৰণ কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।জুবিনক কিংবদন্তি আখ্যা দি প’ষ্ট মেলনে কয়, ‘কিংবদন্তি জুবিন গাৰ্গৰ জন্মভূমিত থাকি অভিভূত’। কিংবদন্তি জুবিনৰ গৃহভূমিত থাকি নিজকে ধন্য বুলি কয় পোষ্ট মেলনে।প’ষ্ট মেলনৰ মুখত জুবিন গাৰ্গৰ নাম উচ্চাৰণ হোৱাৰ লগে লগে খানাপাৰা ফিল্ডত উপস্থিত থকা সমগ্র জুবিন অনুৰাগীয়ে আনন্দত আত্মহাৰা হৈ পৰে আৰু প’ষ্ট মেলনৰ প্রতি সম্ভাষণ জ্ঞাপন কৰে। উল্লেখ্য যে,বিশ্ববিখ্যাত ৰেপাৰ- পপ ষ্টাৰগৰাকীৰ এই কনচাৰ্ট উত্তৰ-পূবৰ বাবে এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰৈছে। ভাৰতৰ লাইভ এণ্টাৰটেইনমেণ্টৰ ক্ষেত্ৰতো ই এক বৃহৎ সাফল্য বুলি বিবেচিত হৈছে। প’ষ্ট মেলনৰ এই কনচাৰ্টৰ যোগেৰে অসম তথা উত্তৰ-পূব পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত বহু গুণে আগবাঢ়ি যাব বুলি আশা কৰা হৈছে। প’ষ্ট মেলনৰ সংগীত শুনিবলৈ গভীৰ আগ্ৰহেৰে, হেঁপাহেৰে খানাপাৰালৈ অহা অজস্ৰ যুৱক-যুৱতীৰ মুখত আনন্দৰ লহৰ, মুখত সন্তুষ্টিৰ ছাপ। আনহাতে, প’ষ্ট মেলনৰ সংগীতানুষ্ঠানৰ কাৰণে ৰাজ্য প্রশাসনে গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৈ গঢ়ি তোলে।
