মঙ্গল গ্ৰহত মানুহে ভৰি দিয়াৰ আগতেই মঙল গ্রহত ৭ হাজাৰ কিল’ৰো অধিক আৱৰ্জনাৰ দম

Pc The Janambhumi

মঙ্গল গ্ৰহত মানুহে ভৰি দিয়াৰ আগতেই মঙল গ্রহত ৭ হাজাৰ কিল’ৰো অধিক আৱৰ্জনাৰ দম

ৰঙিলী বাৰ্ত্তাসেৱা-  মানৱ জাতিয়ে প্ৰথমে মঙ্গল গ্ৰহত নিশাৰ আকাশত তৰাসদৃশ বস্তু হিচাপে চকু ৰাখিছিল।ই সদায় মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।এইটো ভাৰতীয় পৌৰাণিক কাহিনী আৰু হলিউডৰ চাই-ফাই ব্লকবাষ্টাৰ দুয়োটাৰ ক্ষেত্ৰতে সঁচা।প্রায় ৫০ বছৰৰ আগতে মানুহে মঙল গ্রহ অভিযান আৰম্ভ কৰিছিল আৰু ২০৩০ৰ দশকৰ ভিতৰত নাছাই প্ৰথমবাৰৰ বাবে গ্ৰহটোলৈ মানুহ পঠিয়াব পৰা হ’ব বুলি আশা কৰিছে।যদিও মানুহে মঙ্গল গ্ৰহত ভৰি দিয়াটো এতিয়াও বহুদূৰ বাকী আছে, আমি ৰঙা গ্ৰহটো কলুষিত কৰিবলৈ আৰু ইয়াক পৃথিৱীৰ দৰে কৰি তুলিবলৈ কৰা প্ৰচেষ্টাত পিছ পৰি থকা নাই।বেষ্ট ভার্জিনিয়া ইউনিভাৰ্ছিটিৰ এজন গৱেষকৰ মতে, ‘মানুহৰ এডভেন্সাৰাছ ৰবটিক এক্সপ্লৰেশ্যন বোৰে ৰঙা গ্ৰহটোত ইতিমধ্যে ৭১১৮.৬ কিল’গ্রাম আৱর্জনা পেলালে।’মঙ্গল গ্ৰহৰ পৃষ্ঠ কেইবাখনো মহাকাশযানে ভ্ৰমণ কৰিছে, আৰু তেওঁলোকৰ প্ৰত্যেকেই অনিচ্ছাকৃতভাৱে আৱৰ্জনাৰ টুকুৰা এৰি থৈ গৈছে। বিভিন্ন দেশে এতিয়ালৈকে ১৪টা বিভিন্ন অভিযানত ১৮খন মহাকাশযান প্ৰেৰণ কৰিছে।২০২২ চনৰ আগষ্টৰ মাজভাগত নাছাই ঘোষণা কৰিছিল যে পাৰজিভাৰেন্স মাৰ্ছ ৰ’ভাৰে এটুকুৰা আৱৰ্জনা আৱিষ্কাৰ কৰিছিল,যি টুকুৰা অৱতৰণৰ পাছত দলিয়াই দিয়া হৈছিল।গৱেষকসকলে মঙল গ্ৰহত আৱৰ্জনা আৱিষ্কাৰ কৰা সেয়ে প্রথম নাছিল।ইতিপূর্বে তাত যথেষ্ট গোট খাইছিল।